অসম

assam

ETV Bharat / state

দৰঙত গাঁওবুঢ়া নিযুক্তিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ - গাওঁবুঢ়া পদ

চৰকাৰী গাঁওবুঢ়া নিযুক্তিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দৰঙৰ দলগাঁৱত । এই অভিযোগ উত্থাপন কৰিছে বঞ্চিত প্ৰাৰ্থী সকলে ।

dalgaon-gaonbora-scam
দৰঙত গাওঁবুঢ়া নিযুক্তিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

By

Published : Aug 21, 2020, 4:22 PM IST

দলগাওঁ, ২১ আগষ্ট : চৰকাৰী গাঁওবুঢ়া নিযুক্তিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দৰঙৰ দলগাঁৱত । এই অভিযোগ উত্থাপন কৰিছে বঞ্চিত প্ৰাৰ্থী সকলে । অভিযোগ মতে, জিলা উপায়ুক্ত কাৰ্যলয়ৰ সভাকক্ষত চলিত বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা দলগাঁও ৰাজহ চক্ৰৰ পশ্চিম শিয়ালমাৰী মৌজা , পূব দলগাঁও মৌজা আৰু পশ্চিম দলগাও মৌজাৰ লাট গাঁওবুঢ়া নিযুক্তিৰ বাবে জিলা প্ৰশাসনে সাক্ষাৎকাৰ অনুষ্ঠিত কৰি চৰকাৰী গাঁওবুঢ়া নিযুক্তি দিছিল । উক্ত নিযুক্তিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি খাৰুপেটীয়া পৰিদৰ্শন বঙলাত এক সংবাদমেল অনুষ্ঠিত কৰে বঞ্চিত প্ৰাৰ্থী সকলে ।

দৰঙত গাঁওবুঢ়া নিযুক্তিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

সংবাদ মেলত পশ্চিম শিয়ালমাৰী মৌজাৰ খেতাশ্বৰ , ১ খেতাশ্বৰ আৰু বিহুদিয়া গাঁৱৰ গাঁওবুঢ়া পদত নিযুক্তি দিয়ে ওৱাহেদ আলী মণ্ডলক । প্ৰাৰ্থী গৰাকীয়ে কামৰূপ জিলাৰ কানিকুচি নিজ বুড়িগোগ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা দশম শ্ৰেণী উৰ্ত্তীৰ্ণ হোৱা জাল প্ৰমাণ পত্ৰ দাখিল কৰি নিযুক্তি লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে । আবেদন কৰা বিদ্যালয়ৰ প্ৰমাণ পত্ৰ আৰু চেবা ব'ৰ্ডৰ প্ৰমাণ পত্ৰৰ মাজত বয়সৰ ব্যাপক তাৰতম্য থকাৰো অভিযোগ উঠিছে । চেবা ব'ৰ্ডৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটত জন্মৰ তাৰিখ ০১/০১/ ১৯৯৭ হোৱাৰ পৰিৱৰ্তে বিদ্যালয়ৰ প্ৰমাণ পত্ৰত জন্মৰ তাৰিখ ০৫/০২/ ১৯৯৩ উল্লেখ আছে । নিযুক্তি পোৱা ওৱাহেদ আলি মণ্ডলক জন্ম দুটা বৰ্ষত কেনেকৈ হ'ব পাৰে বুলি সংবাদ মেলত প্ৰশ্ন উত্থাপন কৰে বঞ্চিত উচ্চ শিক্ষিত যুৱক ছালাউৰ ৰহমানে ।

একেদৰে গাইডলাইন মতে, প্ৰাৰ্থী গৰাকীৰ বয়স ০১ /০১ /২০২০ চনত ২৫ বছৰ হোৱাটো বাধ্যতামূলক যদিও ০১ /০১/২০২০ ত বয়স হৈছে ২৩ বছৰ । আনকি ভোটাৰ তালিকা মতে ওৱাহেদ আলি মণ্ডলক বয়স ২৪ বছৰ । আবেদন পত্ৰত প্ৰাৰ্থী গৰাকীয়ে নিজৰ বয়স ২৬ বছৰ ১০ মাহ বুলি উল্লেখ কৰিছে । উক্ত ভয়ংকৰ জালিয়াতিৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত যোগে নিযুক্তি বাতিলৰ কৰি উক্ত দুৰ্নীতিত জড়িত লোকসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনায় বঞ্চিত প্ৰাৰ্থীসকলে ।

লগতে পঢ়ক : গুজৰাট ATS ৰ জালত 2006 আহমেদাবাদ বোমা বিস্ফোৰণৰ অপৰাধী

ABOUT THE AUTHOR

...view details