অসম

assam

ETV Bharat / state

বিদ্যুৎ সংযোগ নোহোৱাকৈয়ে আহিছে হাজাৰ-হাজাৰ টকাৰ বিল

হায় ! বিদ্যুৎ বিভাগ, তোমাৰ মহিমা অপাৰ ৷ বিজেপি চৰকাৰৰ সৌভাগ্য আঁচনিৰ অধীনত দৰং জিলাৰ খাৰুপেটীয়াৰ 3নং আৰিমাৰী গাঁৱত দিহা কৰা হৈছিল বিদ্যুৎ যোগানৰ ৷ ঠিকাদাৰে খুটা পুতি ট্ৰেন্সফৰ্মাৰ বহুৱাই ঘৰে ঘৰে মিটাৰ বিতৰণ কৰিলে ঠিকেই, কিন্তু বিদ্যুৎ সংযোগ দিবলৈ হ‘লে পাহৰিলে ৷

dalgaon-electricity bill story
বিদ্যুৎ সংযোগ বিহীন মিটাৰ, মাচুল আহিছে হাজাৰ হাজাৰ

By

Published : Sep 1, 2020, 7:05 PM IST

দলগাঁও, 1 চেপ্টেম্বৰ : কৈ থাকিলে ওৰ নপৰে অসমৰ বিদ্যুৎ বিভাগৰ কথা ৷ কেতিয়াবা যদি বাঁহৰ খুটাত ওলমাইছে বিদ্যুতৰ তাঁৰ, আন কেতিয়াবা আকৌ বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰি থাকিলেও নকৰে কাণসাৰ ৷ বিদ্যুৎ সংযোগ নথকাকৈ মাছুল বিচৰাৰ ঘটনাও সংঘটিত হৈছে বহুবাৰ ৷ হায় ! বিদ্যুৎ বিভাগ, তোমাৰ মহিমা অপাৰ ৷ বিজেপি চৰকাৰৰ সৌভাগ্য আঁচনিৰ অধীনত দৰং জিলাৰ খাৰুপেটীয়াৰ 3 নং আৰিমাৰী গাঁৱত দিহা কৰা হৈছিল বিদ্যুৎ যোগানৰ ৷ ঠিকাদাৰে খুটা পুতি ট্ৰেন্সফৰ্মাৰ বহুৱাই ঘৰে ঘৰে মিটাৰ বিতৰণ কৰিলে ঠিকেই, কিন্তু বিদ্যুৎ সংযোগ দিবলৈ হ‘লে পাহৰিলে ৷ চৰকাৰী ঠিকাদাৰৰ কৃপাত আজিকোপতি ৰাইজে নাপালে বিদ্যুতৰ পোহৰ ৷

বিদ্যুৎ সংযোগ বিহীন মিটাৰ, মাচুল আহিছে হাজাৰ হাজাৰ

কিন্তু বিদ্যুৎ সংযোগ নাপালেও কিন্তু বিদ্যুতৰ বিলখন পালে এইসকল হিতাধিকাৰীয়ে ৷ একোজন গ্ৰাহকৰ নামত আহিছে হাজাৰ হাজাৰ টকাৰ বিল ৷ সৌভাগ্য আঁচনিয়ে দূৰ্ভাগ্য কঢ়িয়াই অনা এইসকল লোকে এতিয়া প্ৰতিবাদত নামিছে খাৰুপেটীয়া বিদ্যুৎ উপ সংমণ্ডলৰ বিৰুদ্ধে ৷ বান বিধ্বস্ত অঞ্চলটোৰ এই লোকসকলৰ প্ৰতি চকু দিবনে বিভাগীয় কতৃপক্ষই ৷

লগতে পঢ়ক : আজিৰে পৰা অনুষ্ঠিত হৈছে JEE (Main) পৰীক্ষা

ABOUT THE AUTHOR

...view details