দৰং, 26 ছেপ্তেম্বৰ: দৰং জিলাৰ দলগাঁওৰ শিয়ালমাৰী উন্নয়ন খণ্ডত সংঘটিত হৈছে এক আজৱ কাণ্ড ৷ কমিচনক অংকত এটা অংগনবাদী কেন্দ্ৰৰ নামত দুটাকৈ গৃহ আৱন্টন দিলে শিয়ালমাৰীৰ খণ্ড উন্নয়ন বিষয়াই ৷ যি সময়ত দলগাঁও-শিয়ালমাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ বহু কেন্দ্ৰত গৃহৰ অভাৱত কণ কণ শিশু সকল জীৱনৰ আদিপাঠ গ্ৰহণৰ পৰা বঞ্চিত হৈছে, তেনে সময়তে এটা অংগনবাদী কেন্দ্ৰৰ নামত দুটাকৈ বাসগৃহ আৱন্টন হোৱাৰ ঘটনাই চকু কপালত তুলিছে বৃহত্তৰ দলগাঁওবাসী সচেতন ৰাইজৰ ৷
শিয়ালমাৰী উন্নয়ন খণ্ডত অনিয়ম: এটা অংগনবাদী কেন্দ্ৰৰ নামত দুটাকৈ গৃহ - Darrang
দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল চৰকাৰ কাৰ্যকালত সমাজ কল্যাণ বিভাগত ব্যাপত অনিয়ম-দুৰ্নীতি ৷
তথ্য অনুসৰি, শিয়ালমাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তগৰ্ত ৪৫১ নম্বৰ ভোটপুখুৰী (পাৰ্ট 5) অংগনবাড়ী কেন্দ্ৰৰ নামত ২০১৬ চনত এমজিএনৰেগা আচনিৰ অধীনত ৫ লাখ টকাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল পঞ্চায়তখনৰ সভানেত্ৰী গৰাকীয়ে ৷ সেই একেই কেন্দ্ৰৰ বাবে পুনৰ 2018 বৰ্ষত এম এচ ভি পি আচঁনিৰ অধীনত সাত লাখ টকা ব্যয়ৰে আন এটা গৃহৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক ইলিয়াচ আলীয়ে ৷ যাৰ ফলত একেটা অংগনবাদী কেন্দ্ৰৰ দুটাকৈ গৃহ হৈ পৰে ৷ এইদৰে লাখটকা ব্যয় কৰি এটা কেন্দ্ৰৰ নামত দুটাকৈ গৃহ নিৰ্মাণ কৰি লাখ লাখ টকা অপচয় কৰা কাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে অসম সংখ্যালঘু জাতীয় পৰিষদৰ দৰং জিলা সমিতিয়ে ৷