অসম

assam

By

Published : Feb 9, 2020, 10:24 AM IST

ETV Bharat / state

দলগাঁৱত অবৈধ কাঠ মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

দৰঙৰ দলগাঁৱত বন বিভাগৰ অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযানত এটা কাঠ ফলা মেচিন আৰু এখন বালি খনন মেচিন জব্দ । পলাতক অবৈধ মিলৰ গৰাকী ৷

Dalgaon illegal  SAW MILL SEIZED
দলগাঁৱত অবৈধ কাঠ মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

দলগাঁও, 8 ফেব্ৰুৱাৰী: দৰঙৰ দলগাঁৱৰ এক নম্বৰ মাজগাঁৱত শনিবাৰে মঙলদৈ খণ্ড বন বিষয়া আয়েজ আলিৰ নেতৃত্বত বন বিভাগৰ এটা দলে দৈপাম আৰক্ষীৰ সহযোগত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান চলাই ৷ বন বিভাগ আৰু দৈপাম অভিযানত দলগাঁৱৰ নিকটৱৰ্তী এক নম্বৰ মাজগাঁৱত কাঠ ফালি থকা অৱস্থাত এটা কাঠ ফলা মেচিন আৰু এটা বালি খনন কৰা মেচিন জব্দ কৰি অভিযানকাৰী দলটোৱে খাৰুপেটীয়া খণ্ড বন বিষয়াৰ কাৰ্যালয়ত জমা দিয়ে ৷ দৰঙৰ মঙলদৈ খণ্ড বন বিষয়া আয়েজ আলি জনোৱা মতে যোৱা কেইদিনত বিভিন্ন অঞ্চলত অভিযান চলাই 51 তা অবৈধ কাঠ ফলা মেচিন আৰু 6 টা বালি খনন কৰা মেচিন জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে ৷ ইফালে অভিযানকাৰী বন বিভাগ আৰু আৰক্ষীৰ সম্ভেদ পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অবৈধ কাঠ মিলৰ গৰাকী ।

দলগাঁৱত অবৈধ কাঠ মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details