দৰং,7 ফেব্ৰুৱাৰী:দেওবাৰে দৰঙৰ দলগাঁৱত এআইইউডিএফ দলৰ এক বিশাল সভা অনুষ্ঠিত হৈ যায় ৷ সভাত উপস্থিত আছিল এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল ৷ কিন্তু সভাৰ মাজতে বদৰুদ্দিন আজমলে দিলে কংগ্ৰেছ বিধায়ক ইলিয়াছ আলি মুৰ্দাবাদ ধ্বনি ৷ বিগত 15 বছৰে কংগ্ৰেছ দলৰ বিধায়ক ইলিয়াছ আলি দখলত থকা দলগাওঁ সমষ্টিটোত আগন্তুক নিৰ্বাচনত এআইইউডিএফৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী এআইইউডিএফৰ ৷
উল্লেখ্য যে, ইতিমধ্যে আগন্তুক নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছৰ মহাজোঁটবন্ধনৰ অন্যতম দল হ’ল এআইইউডিএফ ৷ কিন্তু দেওবাৰৰ এই সভাত বদৰুদ্দিন আজমলে নিজেই ইলিয়াছ আলি মুৰ্দাবাদ ধ্বনি দিয়াৰ লগতে সমষ্টিটোত এআইইউডিএফৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবীৰ পিছতে দুয়ো দলৰে মিত্ৰতাত বিভাজন অহাৰ আশংকাই দেখা দিছে ৷ পৰৱৰ্তী সময়ত বদৰুদ্দিন আজমলৰ এই কাৰ্যৰ প্ৰতি কংগ্ৰেছে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইয়া হ’ব লক্ষণীয় ৷