অসম

assam

By

Published : Jul 5, 2019, 1:25 PM IST

ETV Bharat / state

বিদেশী ঘোষিত হ'ল ছানিয়া মিৰ্জা !

এন আৰ চি কৰ্তৃপক্ষই বিদেশী ঘোষণা কৰিলে ছানিয়া মিৰ্জাক

বিদেশী ঘোষিত হ'ল ছানিয়া মিৰ্জা !

দলগাঁও,5 জুলাইঃ ছানিয়া মিৰ্জাক বিদেশী হিচাপে ঘোষণা কৰিলে এন আৰ চি কৰ্তৃপক্ষই ৷ মাতৃসহ বিদেশী হ'ব ছানিয়া । পিছে, আপুনি ভবাৰ দৰে এইগৰাকী টেনিছ তাৰকা ছানিয়া মিৰ্জা নহয় ৷ খাৰুপেটিয়াৰ ছানিয়া মিৰ্জা নামৰ এটি ছবছৰীয়া শিশুক বিদেশী হিচাপে ঘোষণা কৰে এন আৰ চি কৰ্তৃপক্ষই ৷ খাৰুপেটিয়াত এন আৰ চি বিষয়া আৰু সীমান্ত আৰক্ষীৰ ভুলৰ বাবেই এতিয়া কণমানি ছানিয়া ঘোষণা হ'ল বিদেশী হিচাপে ৷ কেৱল ছানিয়াই নহয় ছানিয়াৰ মাতৃ কুলছুম বেগমো ঘোষণা হ'ল বিদেশী হিচাপে । প্ৰয়োজনীয় বৈধ নথি পত্ৰ থকাৰ পিছতো এন আৰ চিৰ খচৰা তালিকাৰ পৰা বাদ পৰিল দুয়োৰে নাম । ইফালে জন্মৰ প্ৰমাণ পত্ৰ থকা 6 বছৰীয়া কণমানিজনীও ঘোষিত হ'ল বিদেশী হিচাপে ।

বিদেশী ঘোষিত হ'ল ছানিয়া মিৰ্জা !

কুলছুম বেগমৰ পিতৃ আব্দুল কুদ্দুচে জনোৱা মতে, সকলো প্ৰয়োজনীয় বৈধ নথি পত্ৰ দাখিল কৰাৰ পিছতো কুলছুমৰ নাম কিদৰে খচৰা তালিকাৰ পৰা বাদ পৰিল সেয়া এক ৰহস্যৰ বিষয় । অথচ একে লিগেচী ডাটা আৰু নথি পত্ৰ ব্যৱহাৰ কৰা পৰিয়ালৰ সকলোৰে নাম এন আৰ চিৰ খচৰাত আছে । ইফালে ছবছৰীয়া ছানিয়া মিৰ্জা আৰু মাতৃ কুলছুম বেগমৰ নামত বিদেশীৰ জাননী অহাৰ পিছত এতিয়া চিন্তিত হৈ পৰিছে খাৰুপেটিয়াৰ এন চি খেতাশ্বৰ গাঁৱৰ তাৰামিঞাৰ পৰিয়ালটো ।

ABOUT THE AUTHOR

...view details