অসম

assam

ETV Bharat / state

Daily Horoscope For 7th January: আজিৰ দিনটোৰ ৰাশিফল - কুম্ভৰাশি

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

DAILY HOROSCOPE FOR 7TH JANUARY 2023
আজিৰ দিনটোৰ ৰাশিফল

By

Published : Jan 7, 2023, 5:05 AM IST

মেষৰাশি: গণেশৰ কৃপাত এটা সহজ দিন৷ বাকচ বান্ধক, কাৰণ কামৰ বাবে বাহিৰলৈ যাব লাগিব ৷ নতুন কাম কৰিবলৈ পাব যি ভবিষ্যতে লাভ দেখুৱাব ৷ ৰুটিন মতে চলি আমনি লাগিলে মুকলিকৈ নিজক এৰি দিয়ক ৷ কথাত হোৱা সাল-সলনিয়ে আপোনাৰ কামৰ ধাৰা সলনি কৰিব আৰু সিদ্ধান্ত গ্ৰহণত সময় লগাব ৷ কাৰো লগত অযথা তৰ্ক বিতৰ্ক নকৰিব, বিশেষকৈ মহিলাৰ লগত ৷ শান্ত থাকক আৰু আনন্দ কৰক ৷

বৃষৰাশি: শান্ত থাকিবলৈ চেষ্টা কৰক ৷ আপোনাৰ অশান্ত মনে আপোনাক বিপদত পেলাব ৷ যাৰ ফলত সময় নষ্ট হ’ব৷ স্থিৰ হওক আৰু এৰাধৰাৰ মাজেৰে চলক যাতে কাম সহজ হয়৷ বিশেষকৈ সাহিত্যিক আৰু কলাৰ লগত জড়িতসকলৰ বাবে বহু সুযোগ আহি আছে , কামত লগোৱাক৷ ভ্ৰমণৰ সময় পিছলৈ নিয়ক আৰু নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক৷ শুভেচ্ছা থাকিল ৷

মিথুনৰাশি: সকলো বস্তু উজ্জল আৰু সুন্দৰ দেখা যাব ৷ ভাল খাদ্য খাবলৈ পাব আৰু একে সময়তে বজাৰ কৰাৰ আনন্দ লাভ কৰিব ৷ ভাল কাপোৰ আৰু অলংকাৰ কিনাৰ সময়, যদিও আপোনাৰ খৰচৰ মাত্ৰা আয়তকৈ বেছি হ’ব ৷ আপোনাৰ পৰিয়াল, বন্ধু আৰু সহকৰ্মিসকলৰ সহযোগিতাত একেলগে কাম কৰাৰ আনন্দ লাভ কৰিব আৰু দিনটো আনন্দৰে পাৰ হ’ব ৷

ককৰ্ট ৰাশি: দিনটো ভ্ৰম আৰু দুবিধাৰেই পাৰ হ’ব৷ কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণৰ বাবে অপেক্ষা কৰক৷ কথা কওঁতে সাবধান হওক নহলে পৰিয়ালৰ লোকৰ লগত মতভেদ হ’ব পাৰে ৷ ভুল বুজাবুজি নহ’বলৈ আপুনি লোৱা সিদ্ধান্তৰ কথা ভালদৰে বুজাই দিয়ক৷ নভবাকে পৰিয়ালৰ লগত খৰচ হ’ব পাৰে ৷ শৰীৰৰ বিশেষ ভাবে যত্ন লওক ৷ সম্পত্তি আৰু সন্মান অলপ ক্ষয় হোৱা যেন অনুভব হ’ব ৷

সিংহৰাশি: আপোনাৰ বাবে এটা সৌভাগ্যশালি দিন ৷ বিশেষকৈ মহিলা বন্ধুসকল আপোনাক সহায় কৰিবলৈ সাজু থাকিব ৷ প্ৰিয়জনৰ লগত বা বন্ধুৰ লগত সুন্দৰ ঠাইলৈ ফুৰিবলৈ যাব পাৰে৷ লক্ষ্মী দেৱীৰ কৃপা থাকিব আপোনাৰ ওপৰত ,গতিকে সম্পত্তিৰ যোগ দেখা যায় ৷ দেৰি নকৰিব, সম্পত্তি ক্ৰয় কৰিব পাৰে ৷ ব্যবসায়ত উন্নতি দেখা যায় ৷ সূৰ্য্যৰ জিলিঙনি উপভোগ কৰক ৷

কন্যাৰাশি: আপোনাৰ বাবে অতি ভাল দিন ৷ চাকৰি বা ব্যৱসায়ত প্ৰচুৰ উন্নতি হ’ব ৷ নতুন কাম আৰম্ভ কৰাৰ সঠিক সময় ৷ পদ্দোন্নতি আৰু ধন লাভ হ’ব ৷ গ্ৰহৰ দশা অতি ভাল ৷ ব্যক্তিগত বিষয়ত আপোনাৰ পিতৃৰ পৰা লাভ পাব ৷ ঘৰুৱা শান্তিৰ সময়, দিন সুকলমে পাৰ হ’ব ৷

তুলাৰাশি: শুভ দিন ৷ ব্যবসায়ত লাভ হ’ব ৷ সহকৰ্মিসকলৰ সহযোগিতাৰ অভাব দেখা যাব ৷ তিৰ্থ ভ্ৰমণৰ যোগ আছে ৷ এনে সময় আহিব পাৰে যেতিয়া আপুনি সম্পূৰ্ণৰূপে ভাগৰুৱা আৰু উদাশ অনুভব কৰিব পাৰে, কিন্তু কলা সন্মত আলোচনাই আপোনাক পুনৰ সজিব কৰি তুলিব ৷ শৰীৰৰ যত্ন লওক আৰু চিকিৎসকৰ ওচৰলৈ যাব লগীয়া থাকিলে নোযোৱাকৈ নাথাকিব ৷ বিদেশৰ পৰা অহা ভাল খবৰে আপোনাক আনন্দিত কৰি তুলিব৷ ভাল দিনৰ শুভেচ্ছা থাকিল ৷

বৃশ্চিকৰাশি: গণেশৰ পৰমৰ্শ চিন্তা কৰা অলপ কম কৰক ৷ দিনটো শান্তিপূৰ্ণভাবে আৰম্ভ কৰিবলৈ অযথা উদ্দেগ বাদ দিয়ক৷ নতুন ব্যবসায় আৰম্ভ কৰিব বিচাৰিছে যদি অলপ দিন পিচুৱাই দিয়ক , কাৰণ আপোনাৰ গ্ৰহ আপোনাৰ পক্ষত নাই৷ বহু পৰিমানৰ ধন হানি হ’ব পাৰে, গতিকে ধন সচাৰ ওপৰত গুৰুত্ব দিয়ক ৷ এটা মিশ্ৰিত দিন আপোনাৰ বাবে ৰৈ আছে ৷ চৰকাৰী কাম-কাজত পলম হ’ব ৷

ধনুৰাশি : আপোনাৰ শুভ গ্ৰহ সম্পূৰ্ণ জিলিকি আছে ৷ বিচৰা সকলো বোৰ লাভ কৰিব ৷ আনন্দৰ মুহূৰ্তবোৰ উপভোগ কৰক ৷ সাংস্কৃতিক কাম-কাজত ভাল ফল লাভ কৰিব আৰু কাৰ্যক্ষেত্ৰত দলবদ্ধভাবে কাম কৰি ফল লাভ কৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ গৈ সতেজ অনুভব কৰিব ৷ ফুৰিবলৈ যোৱাৰ ব্লগিঙ কৰি আপুনাৰ কাৰ্যকুশলতাৰ পৰিচয় দিব পাৰে৷ এনে সুন্দৰ সময়ৰ সুবিধা লওক আৰু সকলো সফলতা উপভোগ কৰক ৷

মকৰৰাশি: ব্যবসায়ীসকলৰ বাবে লাভজনক দিন ৷ ঘৰৰ পৰা কাম কৰা সকলৰ পাখি মেলাৰ সময় ৷ আপোনালোক আজি ব্যক্তিগত ভাবে সুখী হৈ থকাৰ সময়৷ সকলো কাম পৰিকল্পনা মতে হ’ব, সহকৰ্মিসকলৰ সহযোগিতা লাভ কৰিব আৰু ব্যক্তিগত বান্ধোন সুদৃঢ় হ’ব ৷ ধনৰ আগমন হ’ব যদিও প্ৰথমে অলপ অসুবিধা দেখা দিব ৷ ব্যবসায়ত অলপ সময় দিয়ক, লাহে লাহে আপুনি সুৰক্ষিত অৱস্থাত উপনিত হ’ব ৷ ভাল ঘৰুৱা পৰিৱেশ আৰু সুস্থ শৰিৰে আপোনাৰ দিন শুভ হোৱাত সহায় কৰিব ৷

কুম্ভৰাশি: এইটো আপোনাৰ কলা আৰু কায্যক্ষমতা দেখুওৱাৰ উপযুক্ত সময় ৷ গঠনমূলক আলোচনাই আপোনাক দিনটো ব্যস্থ কৰি ৰাখিব ৷ কলাসুলভ কাম কাজে একঘেয়ামি জীৱনৰ পৰা আতৰাই লৈ যাব ৷ প্ৰচুৰ ধনাগমন হলেও খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ গেছৰ বাবে পেটৰ বিষে আপোনাক সমগ্ৰ দিন অসুবিধাত পেলাব ৷ দৰবে অলপ উপশম কৰাব পাৰে ৷ শৰিৰৰ যত্ন লওক ৷

মীনৰাশি: আপুনি নিজকে কম কায্যক্ষম যেন অনুভব কৰিব ৷ আপোনাৰ মানসিক আৰু শাৰিৰিক অৱস্থাই আপোনাক শক্তিহীন যেন অনুভৱ কৰাব ৷ নহ’বলগীয়া কিছুমান ঘটনাই আপোনাক দুখী কৰি তুলিব ৷ পৰিয়ালৰ লগত কাজিয়া বা তৰ্ক ভাল উপায় নহয় ৷ আপোনাৰ ধনৰ ওপৰত চকু ৰাখক ৷ আপোনাৰ চাকৰিয়াল জীৱনত লোকচান ভৰিব লগা হ’ব পাৰে ৷ এনে এটা ভাল নলগা দিনক ভাল লগা কৰি তুলিবলৈ গান শুনক আৰু নিজক সতেজ কৰক ৷

ABOUT THE AUTHOR

...view details