অসম

assam

ETV Bharat / state

দৰঙৰ দধীৰাম শৰ্মালৈ প্ৰতিমা বৰুৱা পাণ্ডে ৰাজ্যিক বঁটা 2020 - Dadhiram Sharma won the "Pratima Baruah Pandey state award 2020"

দৰঙৰ ঐতিহাসিক বইনাওজা গাঁৱৰ সুযোগ্য সন্তান দধীৰাম শৰ্মালৈ আগবঢ়োৱা হৈছে প্ৰতিমা বৰুৱা পাণ্ডে শ্ৰেষ্ঠ লোকশিল্পী সন্মান ৷ শিল্পী গৰাকীলৈ আগবঢ়োৱা এই সন্মানৰ বাবে এতিয়া উৎসৱমুখৰ পৰিৱেশ দৰঙৰ বইনাওজা গাঁৱত ৷

Dadhiram Sharma won the "Pratima Baruah Pandey state award 2020"
দৰঙৰ দধীৰাম শৰ্মালৈ প্ৰতিমা বৰুৱা পাণ্ডে ৰাজ্যিক বঁটা 2020

By

Published : Feb 22, 2020, 8:51 PM IST

দৰং,22 ফেব্ৰুৱাৰী: দৰঙৰ ঐতিহাসিক বইনাওজা গাঁৱলৈ সু-খবৰ ৷ গাঁৱখনৰ সুযোগ্য সন্তান দধীৰাম শৰ্মালৈ আগবঢ়োৱা হৈছে প্ৰতিমা বৰুৱা পাণ্ডে শ্ৰেষ্ঠ লোকশিল্পী সন্মান ৷ সৰুৰে পৰা লোক সংগীতৰ চৰ্চা কৰাএই গৰাকী শিল্পীক অসম কাব্যকুঞ্জৰ বেনাৰত গুৱাহাটীত প্ৰদান কৰা হয় শ্ৰেষ্ঠ লোকশিল্পী সন্মান,প্ৰতিমা বৰুৱা পাণ্ডে ৰাজ্যিক বঁটা 2020

দৰঙৰ দধীৰাম শৰ্মালৈ প্ৰতিমা বৰুৱা পাণ্ডে ৰাজ্যিক বঁটা 2020

উল্লেখ্য যে ভৱিষ্যতে নৱ প্ৰজন্মক লোক সংগীতৰ প্ৰতি আগ্ৰহী কৰাৰ হেঁপাহ সৰুৰে পৰা তেওঁ সংগীত চৰ্চাৰ প্ৰতি আগ্ৰহী দধীৰাম শৰ্মাৰ ৷ শিল্পী গৰাকীলৈ আগবঢ়োৱা এই সন্মানৰ বাবে আনন্দত আত্মহাৰা হৈ পৰিছে দৰঙৰ বইনাওজা গাঁৱৰ ৰাইজ ৷

লগতে পঢ়ক : পুনৰ মুকলি হ'ব নেকি ৰহাৰ টোল গেট ?

For All Latest Updates

ABOUT THE AUTHOR

...view details