মঙলদৈ, ১২ নৱেম্বৰ :দৰঙৰ জিলা দণ্ডাধীশে ৰাইজৰ সুৰক্ষা আৰু আইন শৃংখলা অটুট ৰখাৰ স্বাৰ্থত সমগ্ৰ জিলাতে তৎকালীনভাৱে বলবৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ অধীনত ১৪৪ ধাৰা জাৰি কৰিছে । এই ধাৰাৰ অধীনত অনুজ্ঞাপত্ৰ বা অনুমতি বিহীনভাৱে সকলো ধৰণৰ আতচবাজী মজুত ৰখা আৰু বিক্ৰী কৰা, ৰাজহুৱা স্থান, ৰাষ্ট্ৰীয় ঘাইপথ তথা অন্যান্য ৰাজহুৱা পথত ফটকাৰ ব্যৱহাৰ আৰু নিশা ৮ বজাৰ পৰা ১০ বজাৰ বাহিৰে সকলো ধৰণৰ আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । তদুপৰি ফটকাৰ উৎপাদন, বিক্ৰী তথা ব্যৱহাৰ আৰু লগতে চিকিৎসালয়, শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, ন্যায়ালয়, জনসমাগম হোৱা স্থান বা কৰ্তৃপক্ষই ঘোষণা কৰা যি কোনো স্থানৰ পৰা ১০০ মিটাৰ পৰ্যন্ত দূৰত্বত কোনো ধৰণৰ আতচবাজী ব্যৱহাৰ কৰিব নোৱাৰিব । ইয়াৰ উপৰি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু নেচনেল গ্ৰীণ ট্ৰিবুনেলে জাৰী কৰা নিৰ্দেশনাৱলী সকলোৱে মানি চলিব লাগিব। লগতে সকলোৱে ক’ভিড-১৯ ৰ সকলো ধৰণৰ নিয়ম মানি চলাটো বাধ্যতামূলক। কোনো লোকে এই নিষেধাজ্ঞা অমান্য কৰিলে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
দৰঙত ১৪৪ ধাৰা জাৰি - ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি
দৰঙত নিশা ৮ বজাৰ পৰা ১০ বজাৰ বাহিৰে সকলো ধৰণৰ আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
দৰঙত ১৪৪ ধাৰা জাৰি