দলগাঁও,17 জানুৱাৰীঃ এইবাৰ সেউজ বিপ্লৱে আশাৰ ৰেঙণি জগাইছে চৰাঞ্চলত ৷ বানে জুৰুলা কৰা দৰঙৰ চৰাঞ্চল আৱৰি পৰিছে সেউজীয়াৰে ৷ খাৰুপেটীয়াৰ পাৰ্শ্বৱৰ্তী চৰত বিভিন্ন পাচলিৰ লগতে দেখা গৈছে বিঘা-বিঘাই মাকৈ খেতি ৷ সীমিত খৰচেৰে অধিক লাভৱান হোৱাৰ আশাৰে খেতিয়কসকলে কৰিছে শ-শ বিঘা মাটিত মাকৈ খেতি ৷ দৰঙৰ খাৰুপেটীয়াৰ পাৰ্শ্বৱৰ্তী 2 নম্বৰ মাগুৰমাৰী চৰত প্ৰায় 10 বিঘা মাটিত মাকৈ খেতি কৰা খেতিয়কসকলৰ এজন অন্যতম ছকমান আলী নামৰ খেতিয়কগৰাকীয়ে প্ৰতি বিঘা মাটিত চাৰি -পাঁচ হাজাৰ টকা খৰচ কৰি বিঘাই প্ৰতি ত্ৰিশ হাজাৰ টকা উপাৰ্জন কৰিছে বুলি উল্লেখ কৰে ৷ লগতে বানপানীয়ে আমাক সৰ্বস্বান্ত কৰিছে যদিও এতিয়া আৰু আক্ষেপ নাই কাৰণ বানপানী হ’লেহে খেতি ভাল হয় যাৰ বাবে ব্ৰহ্মপুত্ৰৰ চৰাঞ্চল এতিয়া বিভিন্ন শাক পাচলিৰ লগতে মাকৈ খেতিৰে হৈ পৰিছে সেউজীয়া বুলিও উল্লেখ কৰে খেতিয়কগৰাকীয়ে।
মাকৈ খেতিৰে উপাৰ্জনৰ অনন্য নিদৰ্শন চৰাঞ্চলত
খাৰুপেটীয়াৰ পাৰ্শ্বৱৰ্তী চৰাঞ্চলত মাকৈ খেতিয়ে দেখুৱাইছে উপাৰ্জনৰ নতুন বাট ৷ দৰঙৰ খাৰুপেটীয়াৰ পাৰ্শ্বৱৰ্তী 2 নম্বৰ মাগুৰমাৰী চৰত দেখা গৈছে বিঘা-বিঘাই মাকৈ খেতি ৷ ছকমান আলী নামৰ খেতিয়কগৰাকীয়ে এই মাকৈ খেতিৰ পৰা অধিক লাভৱান হ’ব বুলি আশাবাদী ৷
মাকৈ খেতিৰে উপাৰ্জনৰ অনন্য নিদৰ্শন চৰাঞ্চলত
আনহাতে শীতৰ বজাৰত মাকৈৰ চাহিদা বৃদ্ধি পায় গতিকে উপাৰ্জনৰ দিশটো অধিক ভাল হ’ব বুলি আশা ব্যক্ত কৰে ছকমান আলীয়ে ৷ আগন্তুক দিনত বতৰ ভাল হ’লে ১০ বিঘা মাটিৰ মাকৈ খেতিৰ পৰা দুই তিনি লাখ টকা উপাৰ্জন হোৱাৰ আশা ব্যক্ত কৰে মাকৈ খেতিয়কগৰাকীয়ে।
আৰু পঢ়কঃ৮ দিনীয়া কাৰ্যসূচীৰে বাক্সাৰ সুৱণকাটাত ভাৰত ভূটান বন্ধুত্ব মেলা