দৰং, ১৭ জানুৱাৰী: শনিবাৰৰ পৰা সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে Covid-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ দৰং জিলাৰ মঙলদৈতো আৰম্ভ কৰা হৈছে Covid-১৯ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী ৷ দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই উদ্ধোধন কৰে প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী । তাৰ পাচতে প্ৰথমটো প্ৰতিষেধক প্ৰদান কৰে অধীক্ষক ডাঃ গোপীনাথ বৰাক ৷ জিলাখনৰ প্ৰথমগৰাকী মহিলা চিকিৎসক ডাঃ ইলোৰা চৌধুৰীয়েও প্ৰতিষেধক গ্ৰহণ কৰে ।
মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ১০০ খন বিচনাযুক্ত শিশু আৰু প্ৰসূতি চিকিৎসালয়ত প্ৰদান কৰা হৈছে এই প্ৰতিষেধক । চিকিৎসালয়খনৰ তৰফৰ পৰা ১০০ জন ব্যক্তিক প্ৰতিষেধক প্ৰদানৰ বাবে লক্ষ্য কৰিছে যদিও বৰ্তমানলৈ প্ৰায় কুৰি গৰাকী ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।