দৰং, 3 চেপ্তেম্বৰ: নিৰ্বাচনী আয়োগে প্ৰদান কৰা নীতি-নিয়ম উলংঘা কৰি বুধবাৰে কলাইগাঁৱত অনুষ্ঠিত হয় বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷ COVID-19 ৰ বাবে জাৰি কৰা সকলো প্ৰট'কল ভংগ কৰি বিপিএফ দলৰ প্ৰাক্তন ই এম জগদীশ সৰকাৰে অনুষ্ঠিত কৰে প্ৰচাৰ সভাখন ৷ উল্লেখ্য যে, COVID-19 ৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে প্ৰদান কৰা নিৰ্দেশনা অনুসৰি সকলো ৰাজনৈতিক দলে বন্ধ ৰাখিছিল তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানসমূহ ৷
নিৰ্বাচনী আয়োগৰ নিৰ্দেশ অমান্য কৰি কলাইগাঁৱত বিপিএফৰ নিৰ্বাচনী সভা - বিপিএফ
বুধবাৰে কলাইগাঁৱত নিৰ্বাচনী আয়োগে প্ৰদান কৰা নীতি-নিয়ম উলংঘা কৰি বিপিএফ দলৰ প্ৰাক্তন ই এম জগদীশ সৰকাৰে অনুষ্ঠিত কৰিলে নিৰ্বাচনী প্ৰচাৰ সভা ৷
কিন্তু বুধবাৰে মুদৈবড়ি সমষ্টিৰ নিজ কলাইগাঁৱত অনুষ্ঠিত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাই শংকিত কৰি তুলিছে সচেতন নাগৰিকক ৷ বৰ্তমানেও নিৰ্বাচন আয়োগে বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও COVID প্ৰট'কল ভংগ কৰি বিপিএফ দলে অনুষ্ঠিত কৰা সভাখনত ৰাইজৰ মাজত দেখিবলৈ পোৱা নগ'ল কোনো ধৰণৰ সামাজিক দূৰত্ব ৷ উক্ত সভাত উপস্থিত থাকে শেহতীয়াকৈ দলটোত যোগদান কৰা অঞ্জলী দৈমাৰী, মুদৈবড়ি সমষ্টিৰ প্ৰাক্তন ই এম জগদীশ সৰকাৰৰ লগতে কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো ৷ শতাধিক লোকেৰে ভৰা এই নিৰ্বাচনী সভাই জিলাখনলৈ কঢ়িয়াই আনিছে শংকা ৷ কিয়নো ইতিমধ্যেই ৰাজ্যৰ 1 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই ৷
লগতে পঢ়ক:আহোম জনগোষ্ঠীটোৰ জনজাতি বৈশিষ্ট্য নাইঃ কোনে ক'লে ?