অসম

assam

By

Published : Aug 12, 2020, 6:52 PM IST

ETV Bharat / state

নিৰ্মাণৰ পাচতেই খহি পৰিল গড়কাপ্তানি পথ, ৰাইজৰ খোভ

অসম চৰকাৰৰ মঙলদৈ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ দৰঙৰ শ্যামপুৰ সংযোগী পথত থকা পকী দলং পুনৰ নিৰ্মাণৰ নামত এচ অ পি ডি -এফ ডি আৰৰ অধীনত ধন আৱন্টন দিছিল ৷ কিন্তু ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷

corruption in pwd road repairing
corruption in pwd road repairing

দলগাঁও, 12 আগষ্ট : নতুনকৈ মেৰামতি কৰা গড়কাপ্তানি পথক লৈ উত্তেজনা ৷ ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপন হৈছে আৱনন্টিত ধন আত্মসাতৰ অভিযোগ ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে দলগাঁৱৰ শ্যামপুৰবাসী ৷ অভিযোগ মতে, মাত্ৰ এটা ৰাতিৰ ভিতৰত শ্বাহ আলম নামৰ ঠিকাদাৰজনে বিভাগীয় প্ৰাককলন উলংঘা কৰি অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰিছিল পথটো ৷ যাৰ ফলত অতি ব্যস্ত শ্যামপুৰ-আৰিমাৰি- গড়কাপ্তানি পথত থকা পকী দলঙৰ দুইমূৰৰ পথচোৱা খহি যোৱাৰ লগতে মেৰামতি কৰা পকীপথ তৰপে তৰপে এৰাবলৈ ধৰিছে ৷ অতি নিম্নমানৰ কাম কৰি ধন আত্মসাৎ কৰা ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে অভিযোগ তুলিছে গাঁৱৰ ৰাইজে ৷

নিৰ্মাণৰ পাচতেই খহিল গড়কাপ্তানি পথ

উল্লেখযোগ্য যে, অসম চৰকাৰৰ মঙলদৈ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ দৰঙৰ শ্যামপুৰ সংযোগী পথত থকা পকী দলং পুনৰ নিৰ্মাণৰ নামত এচ অ পি ডি -এফ ডি আৰৰ অধীনত ধন আৱন্টন দিছিল ৷ কিন্তু ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰাৰ ফলত দলঙৰ দুয়োটা দিশৰ পথ খহি গৈ সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ । এই সন্দৰ্ভত স্থানীয় ৰাইজে ঠিকাদাৰক অভিযোগ দিছিল যদিও ৰাইজৰ অভিযোগক কান নিদি নিজৰ ইচ্ছা মতে নিশাৰ অন্ধকাৰত সম্পন্ন কৰে মেৰামতিৰ কাম ।

লগতে পঢ়ক :হাইলাকান্দিত পানীৰ বাবে হাহাকাৰ কৃষকৰ

ABOUT THE AUTHOR

...view details