অসম

assam

ETV Bharat / state

নিযুক্তিৰ বিতৰ্ক মাৰ নাযাঁওতেই এইবাৰ এমজি এনৰেগা - নিযুক্তিৰ বিতৰ্ক মাৰ নাযাঁওতেই এইবাৰ এমজি এনৰেগা

দৰং গ্ৰামোন্নয়ন বিভাগত এম জি এনৰেগা আঁচনিৰ নামত কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ

CORRUPTION

By

Published : Mar 16, 2019, 7:13 PM IST

দৰং,16 মাৰ্চ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ পাচতে এইবাৰ গ্ৰামোন্নয়ন বিভাগৰ বিৰুদ্ধে অন্য এক দু্ৰ্নীতিৰ অভিযোগ ৷ দৰঙৰ গ্ৰামোন্নয়ন বিভাগত এম জি এনৰেগা আঁচনিত সাত কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

নিযুক্তিৰ বিতৰ্ক মাৰ নাযাঁওতেই এইবাৰ এমজি এনৰেগা

গাঁও সভাৰ প্ৰস্তাৱক গুৰুত্ব নিদি উৎকোচ লৈ কাৰিকৰী (TS) স্বীকৃতি আৰু প্ৰশাসনিক অনুমতি অবিহনে কোটি কোটি টকাৰ আঁচনিৰ অনুমোদন পত্ৰ বিলালে প্ৰকল্প সঞ্চালকে । অৱসৰলৈ মাত্ৰ কেইটামান দিন বাকী থকা দৰং জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক গোলাম মোস্কাদিৰে উৎকোচ লৈ এটাৰ পিছত এটাকৈ প্ৰায় 7 কোটি টকাৰ 250 টা এনৰেগা আঁচনি মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে গাঁও পঞ্চায়তৰ জন প্ৰতিনিধিয়ে । একমাত্ৰ টকাৰ লোভত গাঁও সভাত অনুমোদন দিয়া আঁচনিক গুৰুত্ব নিদি অন্য আঁচনি সমূহ অনুমোদন দিয়াৰ লগতে কাৰিকৰী স্বীকৃতি আৰু প্ৰশাসনিক অনুমোদনৰ নোহোৱাকৈ নিজ খেয়াল খুচি মতে 2 লাখ টকীয়া আঁচনিক 5 লাখ টকা কৰি কোটি কোটি টকা আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰিছে গাঁও পঞ্চায়তৰ জন প্ৰতিনিধিয়ে । অনিয়মৰ আশ্ৰয় লৈ বিজেপিৰ নিৰ্বাচনী খৰচ সংগ্ৰহ কৰাৰ অভিযোগ তুলি আন্দোলন মুখী হৈছে জনপ্ৰতিনিধি সকল ।

ABOUT THE AUTHOR

...view details