দৰং, 25 জুলাই : এগৰাকী অৰ্থলোভী চিকিৎসক ৷ চৰকাৰী বেতনেৰে তেওঁৰ চলিবলৈ নোজোৰে ৷ সেয়েহে ছাৰক লাগে অতিৰিক্ত ধন ৷ অধিক ধন ঘটিবলৈ চিকিৎসকজনে বাচি ল'লে অসৎ পথ ৷ সহজ ভাষাত টেবুলৰ তলেৰে ডাক্তৰ ছাৰৰ পকেটলৈ আহে চাহ-পানীৰ খৰচ ৷ চৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰিবলৈ যোৱা দৰিদ্ৰ ৰোগীৰ পৰা ছাৰে সৰকাই এশ-দুশ ৷ কলাইগাঁৱৰ আদৰ্শ চিকিৎসালয়ত কৰ্মৰত ডাঃ চন্দ্ৰ প্ৰসাদ পায়েঙৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ দীৰ্ঘদিনীয়া ৷
শনিবাৰে এখন প্ৰমাণ পত্ৰত চহী কৰাৰ নামত এগৰাকী কৰ্কট ৰোগীৰ পৰা 200 টকা দাবী কৰে চিকিৎসকজনে৷ ৰোগী ৰাজেন্দ্ৰ প্ৰসাদৰ হাতত আছিল মাত্ৰ এশ টকা ৷ কিন্তু ডাক্তৰ চাহাবৰ ফিক্স ৰেট, কোনোমতেই মান্তি নহয় এশ টকাত ৷ উপায়ন্তৰ হৈ ৰোগীজনে এজন যুৱকৰ পৰা এশ টকা লৈ মুঠ দুশ টকা দিয়াত হে প্ৰমাণ পত্ৰখন দিয়ে চিকিৎসকজনে ৷