অসম

assam

By

Published : Dec 31, 2019, 8:51 PM IST

ETV Bharat / state

দৰং জিলাৰ বিভিন্ন বিদ্যালয়ত হাতৰ কামত গাফিলতি

ছাত্ৰ-ছাত্ৰী সকলে হাতৰ কামৰ নামত বিভিন্ন সামগ্ৰী জমা দিয়াৰ প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি বিদ্যালয়ত সমূহত চলি আহিছে ৷ হাতৰ কামৰ নামত ছাত্ৰ ছাত্ৰী সকলে নিজ হাতে তৈয়াৰী সামগ্ৰী জমা দিয়াটো আদৰনীয় যদিও ইয়াৰ এক বিপৰীত ছবিহে দেখা গৈছে দৰং জিলাৰ বিভিন্ন বিদ্যালয়ত ৷

correption art and craft homework at darrang
দৰং জিলাৰ বিভিন্ন বিদ্যালয়ত হাতৰ কামত গাফিলতি

দলগাঁও, ৩১ডিচেম্বৰ :বছৰেকীয়া পৰীক্ষাৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত হাতৰ কামৰ নামত বিভিন্ন সামগ্ৰী জমা দিয়াৰ প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি চলি আহিছে । দৰং জিলাৰ দলগাঁও সমষ্টিৰ বহুসংখ্যক চৰকাৰী বিদ্যালয়ত হাতৰ কামৰ নামত শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰয়োজনীয় বিভিন্ন ধৰণৰ সামগ্ৰী বাধ্যতামূলক কৰে ৷ ছাত্ৰ-ছাত্ৰী সকলে নিজহাতে তৈয়াৰ কৰা সামগ্ৰীৰ পৰিবৰ্তে পাছি, চালনি, ফুলঝাড়ু, বিচনী, গাৰুৰ কভাৰ, টেবুল ক্লথ, ফাইল কভাৰ, ডাষ্টাৰ, আদি সা-সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰি আনি বিদ্যালয়সমূহত জমা দিয়ে । শুনক এইসকল ছাত্ৰ-ছাত্ৰীৰ মুখেৰে ৷

দৰং জিলাৰ বিভিন্ন বিদ্যালয়ত হাতৰ কামত গাফিলতি

এই ঘটনাই ছাত্ৰ-ছাত্ৰী সকলৰ সৃজনশীল প্ৰতিভা বিকাশত বাধাৰ সৃষ্টি কৰিছে নেকি? এনেধৰণৰ কাৰ্যৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰিক জ্ঞান আৰু প্ৰতিভা বিকাশত বাধাহে আহিব বুলি আশংকা কৰা হৈছে ।

আৰু পঢ়ক : দৰঙত জৰুৰীভাৱে অৱতৰণ ভাৰতীয় সেনাৰ হেলিকপ্টাৰ

ABOUT THE AUTHOR

...view details