মঙলদৈ, 11 মে': ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে মহামাৰী কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দৰঙতো বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ সোমবাৰৰ দিনটোত দৰঙত 144 জন ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ উপস্থিতি ৷ ইয়াৰ ফলত সোমবাৰৰ দিনটোলৈকে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক'ভিড আক্ৰান্তৰ লোকৰ সংখ্যা 2118 জনলৈ বৃদ্ধি পাইছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, সম্প্ৰতি চিকিৎসাধীন হৈ আছে 1008 জন ক'ভিড আক্ৰান্ত ব্যক্তি । ইয়াৰে 118 জন চিকিৎসালয়ত থকাৰ বিপৰীতে 887 জন ক’ভিড আক্ৰান্ত ঘৰতে আছুতীয়াকৈ অৰ্থাৎ আইচ’লেশ্যন হৈ আছে । চিকিৎসালয়ত থকা ক'ভিড আক্ৰান্ত সকলৰ ভিতৰত 49 জন মঙলদৈ অসামৰিক চিকিৎসালয়ত, 6 গৰাকী আদৰ্শ চিকিৎসালয়ত আৰু 44 গৰাকী জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।