দৰং, 26 আগষ্ট : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ প্ৰশাসন তথা স্বাস্থ্য বিভাগ সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণ ৷ ইতিমধ্যে, প্ৰতিখন জিলাতে ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে সামগ্ৰিকভাবে ক'ভিড-19 পৰীক্ষণ আৰম্ভ কৰিছে ৷ শেহতীয়াকৈ স্বাস্থ্য বিভাগে ৰাজ্যৰ শিক্ষক, কৰ্মচাৰী সকলকও ক'ভিড-19 পৰীক্ষণ কৰাবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷
এই নিৰ্দেশনাৰ পিচতে দৰং জিলাত একাধিক শিক্ষকৰ দেহত ধৰা পৰিছে ক'ভিড-19 পজিটিভ ৷ টেষ্ট কৰাবলৈ অহা বহু সংখ্যক শিক্ষকৰ ক'ভিড-19 পজিটিভ অহা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ মঙলদৈ নগৰ বালিকা উচচতৰ মাধ্যমিক বিদ্যালয়ত দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত কৰ্মৰত শিক্ষক সকল আহি ক'ভিড-19 পৰীক্ষাৰ বাবে শাৰী পাতিছে । ইয়াৰ উপৰিও, জিলাখনৰ বাহিৰত কৰ্মৰত একাংশ শিক্ষক-শিক্ষয়িত্ৰী আহি পৰীক্ষা কৰা দেখা গৈছে ।