মঙলদৈ, 3 জুলাইঃ সমগ্ৰ ৰাজ্যৰ লগতে দৰঙতো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । বহু ৰোগীৰ নাই ভ্ৰমণ বৃত্তান্ত । সেয়ে দৰঙতো কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে ।
শুকুৰবাৰে দৰঙৰ মঙলদৈত ষ্টেট বেংকৰ এগৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰে COVID-19 । বৃহস্পতিবাৰেও কৰ্মৰত আছিল কিশোৰী লাল বাচফৰ নামৰ লোকজন ৷ তেওঁৰো নাছিল কোনো ভ্ৰমণ বৃত্তান্ত । তাৰ পাচতেই স্বাস্থ্য কৰ্মী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰে বেংকৰ এলেকাটো ।