মঙলদৈ,৮ মে':ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাতো বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৷ দৰঙত প্ৰতিদিনেই ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । শুকুৰবাৰে দৰঙত ১৭৯ জন লোকৰ শৰীৰত ধৰা পৰে ক'ভিড-১৯ ৰ অৱস্থিতি । শেহতীয়াকৈ আক্ৰান্ত লোক কেইজনকে ধৰি চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জিলাখনত ক'ভিডত আক্ৰান্তৰ সংখ্যা ১,৭৫২ জনলৈ বৃদ্ধি পায় ।
জিলাখনত সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৯৬৫ জন ক'ভিড ৰোগী । ইয়াৰে ৭৯ জন চিকিৎসালয়ত থকাৰ বিপৰীতে ৮৮৪ জন আক্ৰান্ত ঘৰতে আছুতীয়াকৈ আছে । চিকিৎসাধীন ক'ভিড আক্ৰান্তসকলৰ ভিতৰত ৩৮ জনক মঙলদৈ অসামৰিক চিকিৎসালয়ত আৰু ৩৪ জনক জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।