দৰং,৯ ফেব্ৰুৱাৰী:দৰং জিলাৰ মঙলদৈত মঙলবাৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ দলে । চহৰখনত থকা দৰং জিলা শ্রম বিষয়াৰ কার্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে দলটোৱে । চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আহ্বানমৰ্মে জিলা কংগ্ৰেছে এই প্ৰতিবাদ সাব্য়স্ত কৰে । মঙলদৈ টাউন ব্লক কংগ্ৰেছ কমিটি, পূৱ-পশ্চিম মঙলদৈ ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত দৰং জিলা কংগ্ৰেছ কমিটিয়ে আয়োজন কৰা এই প্ৰতিবাদত বহু কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ
মঙলদৈত দৰং জিলাৰ শ্রম বিষয়াৰ কার্যালয়ৰ সন্মুখত জিলা কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী । চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্য়া সমাধান কৰা আদি কেইবাটাও দাবীৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰিলে কংগ্ৰেছ কৰ্মীয়ে ।
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ
২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিক তথা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সমাধানৰ বাবে বহু প্ৰতিশ্ৰুতি দিছিল চৰকাৰে ৷ কিন্তু বিগত বছৰসমূহত বিজেপি চৰকাৰে তেওঁলোকৰ সমস্য়া সমাধান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ কৰ্মীসকলে । এই প্ৰতিবাদৰ জৰিয়তে শীঘ্ৰে চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনাই কংগ্ৰেছ কৰ্মীসকলে ।
লগতে পঢ়ক:চিৰাঙত পথ সুৰক্ষা মাহ পালন