অসম

assam

ETV Bharat / state

দৰঙত কংগ্ৰেছৰ অস্তিস্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা

নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ, ছয় জনগোষ্ঠীক জনজাতিকৰণ, চাহ-শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ লগতে বিভিন্ন দাবী লৈ কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা ৷ দৰং জিলা কংগ্ৰেছৰ উদ্যোগত পশ্চিম মঙলদৈ খেলপথাৰত অনুষ্ঠিত হয় এই জনজাগৰণ সভাৰ ৷

Congress protest at Darrang
দৰঙত কংগ্ৰেছৰ অস্তিস্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা

By

Published : Feb 18, 2020, 11:32 PM IST

দৰং, 18 ফেব্ৰুৱাৰীঃ দৰঙত কংগ্ৰেছৰ অস্তিস্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা ৷ নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ, ছয় জনগোষ্ঠীক জনজাতিকৰণ, চাহ-শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ লগতে বিভিন্ন দাবী লৈ কংগ্ৰেছৰ এই যাত্ৰা ৷ দৰং জিলা কংগ্ৰেছৰ উদ্যোগত পশ্চিম মঙলদৈ খেলপথাৰত অনুষ্ঠিত হয় এই জনজাগৰণ সভাৰ ৷ এই সভাত অংশগ্ৰহণ কৰি ৰকিবুল হুছেইনে বিজেপিয়ে 100+ নহয় তাৰ পৰিৱৰ্তে CAA বিৰোধী শক্তিয়ে অসমত 100 খন আসন পাবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে । ইয়াৰোপৰি আমি আলফাকে ভয় নকৰিলো এতিয়া ছালফাক ভয় কৰিম নেকি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰকিবুল হুছেইনে ৷

দৰঙত কংগ্ৰেছৰ অস্তিস্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা

আনহাতে বহু শতাধিক লোকে অংশগ্ৰহণ কৰা এই সভাত উপস্থিত থাকে হৰিশ ৰাৱাট, ৰিপুন বৰা, ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈ, দুৰ্গা দাস বড়োকে ধৰি বহু জ্যেষ্ঠ কংগ্ৰেছী নেতা কৰ্মী ৷ সভাৰ অন্তত মঙলদৈ ভেবাৰঘাটৰ পৰা মঙলদৈ চহৰৰ মাজেৰে সমদল কৰি ৰাজীৱ ভৱনত উপস্থিত হয় ।

আৰু পঢ়কঃকৰ'ণা ভাইৰাচতকৈয়ো মাৰাত্মক CAA: বিপিন চাওদাঙ

ABOUT THE AUTHOR

...view details