অসম

assam

By

Published : Jun 29, 2022, 9:44 PM IST

ETV Bharat / state

মঙলদৈত বানাক্ৰান্তলৈ বিশুদ্ধ খোৱাপানী বিতৰণ জনস্বাস্থ্যৰ

জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মঙলদৈ সংমণ্ডলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বানৰ এই সময়চোৱাত (Public Health Engineering department of Mangaldai) । বিভাগটোৱে ৰাইজক দিনে-নিশাই খোৱাপানী যোগান ধৰি বানাক্ৰান্ত ৰাইজক সকাহ দিয়া পৰিলক্ষিত হৈছে ।

PHE Mangaldai
PHE Mangaldai

মঙলদৈ, ২৯ জুন : শেহতীয়া প্ৰলয়ংকৰী বানত ৰাজ্যৰ (Assam flood 2022) অন্য প্ৰান্তৰ লগতে দৰং জিলাৰো ৪০২ খনৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে (More than 402 villages flood affected in Darrang) ।

বিশেষকৈ মঙলদৈ, দলগাঁও, ছিপাঝাৰ আৰু পাথৰিঘাট ৰাজহ চক্ৰ এলেকাত যোৱা ১৬ জুনৰ পৰা হোৱা বানে ব্যাপক অনিষ্ট সাধন কৰে । ননৈ, শাকতোলা, বেগা, ধনশ্ৰী আদিৰ নদীৰ বাঢ়নী পানীয়ে গাঁওসমূহ বুৰাই পেলোৱাত অঞ্চলকেইটাৰ ৰাইজে ওখ মথাউৰি আৰু সাহায্য় শিবিৰত আশ্ৰয় ল'বলগা হয় । ১৯৮৮ চনৰ পিছত মঙলদৈ চহৰৰ লগতে ৰঙামাটি মৌজাৰ ১০ খনৰো অধিক গাঁৱত বানে প্ৰলয়ৰ সৃষ্টি কৰে । এই সময়ছোৱাত অন্য খাদ্য-সামগ্ৰীৰ লগতে বিশুদ্ধ খোৱাপানীৰ বাবেও ৰাইজে সমস্যাত পৰিবলগা হয় (Problem of pure drinking water) ।

এই দুৰ্যোগৰ সময়ত জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাৰ মঙলদৈ সংমণ্ডলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে (Public Health Engineering department of Mangaldai) । বিভাগটোৱে ৰাইজক দিনে-নিশাই খোৱাপানী যোগান ধৰি বানাক্ৰান্ত ৰাইজক সকাহ দিয়া পৰিলক্ষিত হয় । পানীৰ টেঙ্কাৰৰ লগতে পেকেটৰ পানী গাঁওসমূহত বিতৰণ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মঙলদৈ সংমণ্ডলে (Mangaldai Division of Public Health Engineering Department) ।

বুধবাৰে বিভাগটোৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ শৰ্মাই জনোৱা মতে, বিগত ১১ দিনত ১২ খন পানীৰ টেঙ্কাৰেৰে প্ৰতিদিনে ৭৫ হাজাৰ লিটাৰকৈ বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে । সেইদৰে মোবাইল পেকেজিং মেচিনেৰে নিতৌ ৩৫০০ পেকেট পানী বিতৰণ কৰা হৈছে । এইক্ষেত্ৰত জিলাখনক কেইবাটাও খণ্ডত ভাগ কৰি ৩ জন সহকাৰী অভিযন্তা আৰু ১১ জন কনিষ্ঠ অভিযন্তাই বানাক্ৰান্ত ৰাইজৰ মাজত দিনে-নিশাই কাম কৰি আছে । আনহাতে, আজিও জিলাখনৰ ৪৮ খন গাঁও পানীৰ তলতে আছে । দৰং জিলা প্ৰশাসনে উক্ত বানাক্ৰান্ত লোকসকলৰ মাজত সাহায্য সামগ্ৰী যোগান ধৰি আছে । অৱশ্যে জিলাখনৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:অসমত বানে বিভীষিকাৰ সৃষ্টি কৰাৰ পাছতো কেন্দ্ৰই গুৰুত্ব নিদিয়াৰ অভিযোগ তৃণমূলৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details