দৰং,27 মাৰ্চঃ দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত অধিক সক্ৰিয় ৰূপত সাজু হৈ উঠিছে প্ৰশাসন তথা আৰক্ষী । সমান্তৰালকৈ লক ডাউন অমান্য কৰাসকলৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে আৰক্ষী ৷ নিৰ্দেশ নমনা লোকসকলক শাস্তি প্ৰদান কৰিছে আৰক্ষীয়ে । মুঠৰ ওপৰত ভয়াৱহ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা লক ডাউনক কেন্দ্ৰ কৰি বৰ্তমান কঠোৰ চৰকাৰ,প্ৰশাসন তথা আৰক্ষী। এনে সময়তে এক ভয়াৱহ দৃশ্য দেখা যায় দৰং জিলাত ৷ যি সময়ত কেৱল অত্যাৱশ্যকীয় সেৱাৰ বাবে একাংশক নিয়োজিত কৰি কৰ্তব্য পালন কৰোৱা হৈছে,অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াবৰ বাবে বাহন চলাৰ অনুমতি দিছে,তেনে সময়ত উজনিৰ পৰা নামনিলৈ নিশাৰ অন্ধকাৰত সৰবৰাহ হৈ আছে কয়লাভৰ্তি ট্ৰাক ৷ জনশূন্য পথৰে অনায়াসে পাৰ হৈছে কয়লা ভৰ্তি ট্ৰাকসমূহ ।
নিশাৰ অন্ধকাৰৰ সুযোগ লৈ দৰঙত সৰবৰাহ কয়লা পৰিবাহী ট্ৰাক - লক ডাউন
দেশত অব্যাহত লক ডাউনৰ সুযোগ লৈ দৰঙত অব্যাহত কয়লাৰ সৰবৰাহ ৷ জিলাখনত অবাধ গতিত আজিকোপতি চলি আছে বহু সংখ্যক ইটা ভাটাৰ কাম । এই সন্দৰ্ভত ই টিভি ভাৰতৰ এক আছুতীয়া প্ৰতিবেদন-

দৰঙত সৰবৰাহ কয়লা পৰিবাহী ট্ৰাক
দৰঙত সৰবৰাহ কয়লা পৰিবাহী ট্ৰাক
বৃহস্পতিবাৰে নিশা দৰঙৰ ছিপাঝাৰ আৰক্ষীয়ে দুখন কয়লাভৰ্তি ট্ৰাক জব্দ কৰে ৷ কিন্তু বুজাবুজিৰে শুকুৰবাৰে পুৱা আৰক্ষীয়ে মুকলি কৰি দিয়ে জব্দ কৰা ট্ৰাক দুখন। কেৱল এয়া নহয়,চৰকাৰী নিৰ্দেশনা অমান্য কৰি জিলাখনৰ কুৰুৱা অঞ্চলৰ একাংশ ইটা ভাটাত দেখা গৈছে বহিঃৰাজ্যৰ পৰা অহা বহুসংখ্যক কয়লাৰ ট্ৰাক ।এইক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব ৷