দৰং, 4 ডিচেম্বৰ :শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যেৰে ওদালগুৰিত এখন বিশাল জনসভা সম্বোধন কৰে । ওদালগুৰি চহৰৰ সমীপৰ মনপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত এই সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিৰদাও বসুমতাৰী আৰু ধনশ্ৰী পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাধেশ্বৰী বড়োৰ সমৰ্থনত প্ৰচাৰ চলায়।
মুখ্যমন্ত্ৰী সোণোৱালে নিজৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত বিভিন্ন উন্নয়নমূলক কাম চলি আছে বুলি উল্লেখ কৰি কেন্দ্ৰ আৰু অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনমূখী আঁচনিৰ বিষয়ে অৱগত কৰে । বিপিএফৰ ৰাজত্বকালত যিমান সমূহ অপশাসন, দুৰ্নীতি,ভ্ৰষ্টাচাৰ হ'ল, এইবোৰ সম্পূৰ্ণ ৰূপে অৱসান ঘটাই ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তক দিনৰ প্ৰতিটো পৰিয়ালক সন্মান সহকাৰে প্ৰাপ্য অধিকাৰ ভোগ কৰাৰ সুন্দৰ বাতাবৰণ সৃষ্টি কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে ।