দৰং, 21 অক্টোবৰঃস্বাধীন অসমৰ সপোনৰে সশস্ত্ৰ বিদ্ৰোহত যোগদান কৰাআলফা কেডাৰৰ সদস্য সকলে দেখুৱাইছে স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন ৷বন্দুক বাৰুদ নহয়, কৰ্ম সংস্কৃতিৰে আলফাৰ কেডাৰ ৷ আলোচনাৰ মাধ্যমৰে সশস্ত্ৰ বিদ্ৰোহ ত্যাগ কৰা আলফাৰ কেডাৰ সকলে চৰকাৰৰ সহযোগত গঢ়ি তুলিছে বৃহৎ ছাগলীৰ ফাৰ্ম ৷ সোমবাৰে মঙলদৈৰ চামুৱাপাৰাত এনে এখন ফাৰ্মৰে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যৰকৃষি মন্ত্ৰী অতুল বৰা, মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ আৰু মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস ৷ আলোচনাপন্থী আলফাৰ 25 জনীয়া এটা দলে চৰকাৰৰ অৰ্থ সাহৰ্যৰে আৰম্ভ কৰিছে ফাৰ্মখন ৷
বন্দুক-বাৰুদ নহয়, কৰ্ম সংস্কৃতিৰে আলফা কেডাৰ ! - দিলীপ শইকীয়া শেহতীয়া বাতৰি
সোমবাৰে মঙলদৈৰ চামুৱাপাৰাত এখন ছাগলী ফাৰ্মৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ চৰকাৰৰ প্ৰচেষ্টাত আলোচনাপন্থী আলফাৰ 25 জনীয়া এটা দলে আৰম্ভ কৰিছে এই ফাৰ্মখন ৷

উদ্বোধনীৰ সময়ছোৱাত মুখ্যমন্ত্ৰী সোণোৱাল
ছাগলীৰ ফাৰ্ম উদ্বোধনীৰ বাবে উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল
ইপিনে, অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে যে, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে অসমৰ বকুত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ এই ছাগলী ফাৰ্মখনে হৈছে ইয়াৰ এক বাস্তৱ উদাহৰণ ৷ আগন্তুক দিনবোৰত যি সকলে আলোচনাৰ মাধ্যমৰে সশস্ত্ৰ বিদ্ৰোহ ত্যাগ কৰি মূল সঁতিলৈ ঘূৰি আহিব, তেওঁলোকৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷