মঙলদৈ, 6 নৱেম্বৰ:মঙলদৈত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷ দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মঙলদৈৰ সাংসদ দিলীপ শইকীয়াকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত মঙলদৈত স্থাপন হ'বলগীয়া অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজনৰ অনুষ্ঠান সম্পন্ন কৰা হয় (Assam Skill University at Mangaldoi)৷
2020 চনৰ ১৯ অক্টোবৰত অসম দক্ষতা বিশ্ববিদ্যালয় আইন ২০২০ ৰ (Assam Skill University Act 2020) দ্বাৰা ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে ইয়াক স্বীকৃতি প্ৰদান কৰা হৈছে ৷ এই বিশ্ববিদ্যালয়খনৰ লক্ষ্য হৈছে দক্ষতা আৰু দক্ষতা-আধাৰিত শিক্ষা ব্যৱস্থাৰ প্ৰচাৰ আৰু সম্প্ৰসাৰণৰ লগতে উদ্যমিতা বিকাশ কৰা ৷
লগতে অসমৰ দক্ষতা পৰিস্থিতিতন্ত্ৰৰ সুৰুঙাবোৰ দূৰ কৰা (CM holds bhoomi pujan of Assam Skill University) ৷ অসম দক্ষতা বিশ্ববিদ্যালয় সমগ্ৰ পূব ভাৰতৰ ভিতৰতে প্ৰথম এনে ধৰণৰ বিশ্ববিদ্যালয় হ'ব, য'ত অত্যাধুনিক সা-সুবিধাৰ লগতে বিভিন্ন খণ্ডৰ বিভিন্ন ধৰণৰ দক্ষতা চাহিদা পূৰণৰ বাবে কেইবাখনো বিশেষ বিভাগীয় বিদ্যালয় থাকিব ৷