অসম

assam

ETV Bharat / state

2000 টকাৰ বাবে কাৰ্যালয়ৰ ভিতৰতে মাৰপিট দুই বিষয়াৰ - Injured MVI Biren Deuri and Enforcement officer Dipak Patowary

দুই হাজাৰ টকাক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটত লিপ্ত হ'ল দৰং জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ দুই কৰ্মচাৰী ৷ পৰিবহণ বিভাগৰ এম ভি আই বীৰেন দেউৰী আৰু এনফ’ৰ্চমেন্ট বিষয়া দীপক পাটোৱাৰীৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা ৷

টকাক কেন্দ্ৰ কৰি দৰঙৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ত সংঘটিত মাৰপিটৰ ঘটনা

By

Published : Nov 15, 2019, 9:06 PM IST

মঙলদৈ, 15 নৱেম্বৰ: দুই হাজাৰ টকাক কেন্দ্ৰ কৰি দুই বিষয়াৰ মাজত বিবাদৰ সৃষ্টি হৈছে দৰং জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত ৷ মাত্ৰ দুই হাজাৰ টকাক কেন্দ্ৰ কৰি সংঘটিত হ'ল প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ পৰিবহণ বিভাগৰ এম ভি আই বীৰেন দেউৰী আৰু এনফ’ৰ্চমেন্ট বিষয়া দীপক পাটোৱাৰীৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা

বৃহস্পতিবাৰে পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ ভিতৰতে সংঘটিত হয় এই ঘটনা । দুই বিষয়াৰ সংঘাতৰ ফলত কাৰ্যালয়টোৰ বিভিন্ন সামগ্ৰীৰ ক্ষতিসাধন হয় । ইপিনে দুয়োগৰাকী বিষয়াই ঘটনা সন্দৰ্ভত মঙলদৈ থানাতপৃথকে-পৃথকেএজাহাৰ দাখিল কৰিছে ৷ সম্প্ৰতি ঘটনা সম্পৰ্কে কোনো এজন বিষয়াই মুখ খুলিব বিচৰা নাই ৷ বিষয়া দুগৰাকীৰ আচৰণে সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তলৈ ঠেলি দিছে ৷

2000 টকাৰ বাবে কাৰ্যালয়ৰ ভিতৰতে মাৰপিট দুই বিষয়াৰ

ঘটনাত আহত হয় এম ভি আই বীৰেন দেউৰী ৷ আনহাতে, কাৰ্যালয়ৰ ভিতৰৰ কাঁচ ভাঙি আঘাতপ্ৰাপ্ত হয় এনফ’ৰ্চমেন্ট বিষয়া দীপক পাটোৱাৰী । লক্ষণীয় যে, বৃহস্পতিবাৰে ঘটনাটো সংঘটিত হোৱাৰ সময়ত জিলা পৰিবহণ বিষয়া কুমাৰ সঞ্জীৱ কাৰ্যালয়ত উপস্থিত নাছিল । সেয়ে ঘটনা সম্পৰ্কেঅজ্ঞতা প্ৰকাশ কৰে বিষয়াগৰাকীয়ে ৷ উল্লেখ্য যে, প্ৰায়ে উৎকোচ লোৱাক কেন্দ্ৰ কৰি দুয়োগৰাকী বিষয়াৰ মাজত সংঘাতৰ সৃষ্টি হোৱাৰ অভিযোগ একাংশ ৰাইজৰ ।

ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে খাৰুপেটীয়াত এখন বাহন জব্দ কৰা হৈছিল ৷ জব্দকৃত বাহনখনক কেন্দ্ৰ কৰিয়ে সংঘটিত হৈছিল সমগ্ৰ কাণ্ড । ইতিমধ্যে মঙলদৈ থানাত এই সংক্ৰান্তত 353/326 নং ধাৰাত 924/19 নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে ।

লগতে চাওক:পদ্মশ্ৰী উদ্ধৱ ভৰালীলৈ "মহাবীৰ লাচিত বঁটা"

ABOUT THE AUTHOR

...view details