দৰং, 23 নৱেম্বৰ : দৰঙত চি আই টি ইউৰ প্ৰতিবাদী সমদল ৷ চি আই টি ইউ আৰু নিখিল ভাৰত কৃষক সমিতিৰ আহ্বানত দৰঙত শ্ৰমিকৰ প্ৰতিবাদ ৷ শ্ৰমিক আইন ৰক্ষা কৰাৰ দাবীত দৰঙত তিনি শতাধিক শ্ৰমিকে প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন শ্ল'গানেৰে দৰঙৰ আকাশ বতাহ কঁপাই তোলে ৷
দৰঙত চি আই টি ইউৰ প্ৰতিবাদী সমদল - অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন
অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন আৰু সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ বিভিন্ন দাবীত দৰঙত বিক্ষোভ কাৰ্যসূচী ৷ শ্ৰমিক আইন ৰক্ষা কৰাৰ দাবীত দৰঙত তিনি শতাধিক শ্ৰমিকে প্ৰতিবাদী সমদল উলিয়াই দৰঙৰ আকাশ বতাহ কঁপাই তোলে ৷
![দৰঙত চি আই টি ইউৰ প্ৰতিবাদী সমদল As_drg_02_protest_citu_10006](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9638114-thumbnail-3x2-try.jpg)
দৰঙত চি আই টি ইউৰ প্ৰতিবাদী সমদল
সংগঠনটোৱে চৰকাৰে ৰাজহুৱা সম্পত্তি বিক্ৰী কৰাৰ লগতে অপৰিকল্পিত ভাৱে ল'কডাউন ঘোষণা কৰি ভাৰতৰ অৰ্থনীতি দুৰ্বল কৰি পেলোৱাৰ বাবে এই তীব্ৰ সংগ্ৰাম গঢ়ি তুলিছে বুলি মন্তব্য কৰে ৷ দৰং চিআই টি ইউৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই ২৬ নৱেম্বৰত ভাৰত বন্ধ কৰাৰ বাবে প্ৰচাৰ কাৰ্য চলাইছে বুলি প্ৰতিবাদকাৰীয়ে মত প্ৰকাশ কৰে ৷ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন আৰু সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ বিভিন্ন দাবীত ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷
লগতে পঢ়ক:অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তি