দৰং, 7 নৱেম্বৰ :দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক CID ৰ মাৰাথন জেৰা (CID grilling suspend ASP Rupam Phukan) ৷ গুৱাহাটীৰ উলুবাৰীস্থিত CID কাৰ্যালয়ত জেৰা চলি আছে ৰূপম ফুকনৰ । ধূলাৰ ঘটনা সন্দৰ্ভত জেৰা কৰা হৈছে APS বিষয়াগৰাকীক । ধূলাৰ নাৰকীয় ঘটনা পোহৰলৈ অহাৰ পিছতেই নিলম্বন হৈছিল নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক (ASP Rupam Phukan) ৷
উল্লেখযোগ্য যে, বিগত ১১ জুনত দৰঙৰ ধূলাত SSB জোৱান কৃষ্ণকমল বৰুৱাৰ বাসগৃহ উদ্ধাৰ হৈছিল বনকৰা কিশোৰীৰ মৃতদেহ (Dhula murder case) । ঘটনাৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিশোৰীগৰাকীৰ মৃত্যু লৈ হৈছিল প্ৰতিবাদ । প্ৰতিবাদৰ পিছতেই কিশোৰীগৰাকীৰ ঢেকীয়াজুলিস্থিত বাসগৃহত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ঘটনাটোৰ তদন্তৰ বাবে CID ত ২০/২০২২ নম্বৰত ৰুজু হৈছিল এটা গোচৰ ।
CID ৰ DIG দেৱৰাজ উপাধ্যায় আৰু SSP ইন্দ্ৰানী বৰুৱাৰ নেতৃত্বত সমগ্ৰ ঘটনা তদন্তৰ বাবে গঠন কৰা হৈছিল এটা SIT । এই SIT ৰ তদন্তত পোহৰলৈ আহিছিল কিশোৰীগৰাকীৰ মৃত্যুৰ সময়ত আৰক্ষীয়ে কৰা তদন্তৰ গাফিলতিৰ তথ্য । সেই ঘটনাৰ পিছতেই পুতি থোৱা অৱস্থাৰ পৰা কিশোৰীগৰাকীৰ মৃতদেহ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে অনা হৈছিল GMCH লৈ ।