চিৰাং, 4 ফেব্ৰুৱাৰী : চিৰাং জিলাৰ মোজাবাৰী দলগাঁৱৰ পৰিত্যক্ত অৱস্থাত থকা চিৰাং মডেল স্কুলখন বৃহস্পতিবাৰে পৰিদৰ্শন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ পৰিদৰ্শন কৰাৰ পিচতে বিটিচিৰ শিক্ষা সঞ্চালকক অতি শীঘ্ৰে বিদ্যালয়খন পৰিদৰ্শন কৰি মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে ৷
সাংবাদিকক সম্বোধন কৰি প্ৰমোদ বড়োৱে কয়, ইমান বছৰে বিদ্যালয়খন পৰিত্যক্ত অৱস্থাত পৰি থকা বিষয়টো তদন্ত কৰা হ'ব । ইফালে প্ৰাক্তন বিএলটিৰ সভাপতি জনমোহন মুচাহাৰীৰ ঘৰত আৰক্ষীৰ অভিযানৰ সন্দৰ্ভতো প্ৰমোদ বড়োৱে মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয় যে বিপিএফৰ কিছু নেতাৰ ঘৰৰ পৰা বৃহৎ সংখ্যক অস্ত্ৰ-সস্ত্ৰ উদ্ধাৰ হোৱাৰ পিচত আৰক্ষীৰ হাতত থকা তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছে ।