দৰং 21, জুন : ‘‘আমাক খাবলৈ দিয়ক’’, তিনিদিনে লঘোণে-ভোকে থাকি উচুপি উচুপি মুখ্যমন্ত্ৰীলৈ অনুৰোধ বন্যাৰ্তৰ(Flood affected People Requested CM to help them)৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো মঙলদৈত বন্যাৰ্তই পোৱা নাই বান সাহায্য ৷ তিনিদিন অনাহাৰে মথাউৰিত বাসস্থান ৰঙামাটিৰ বন্যাৰ্তৰ । ইপিনে, মঙলদৈত বানত পৰি মৃত্যু হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (Child died in flood in Mangaldai) । এয়া তৃতীয়টো মৃতদেহ উদ্ধাৰৰ ঘটনা । মৃতদেহটো এটি কণমানি শিশুৰ । SDRF,NDRF আৰু স্থানীয় ৰাইজৰ যৌথ অভিযানত মঙলদৈ মোৱামাৰিত উদ্ধাৰ কৰে কণমানী জনীৰ মৃতদেহটো ।
উল্লেখ্য, দৰং জিলাত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Floods have taken terrible turn in Darang district)। বৰষুণ কমিছে যদিও কমা নাই বানৰ ভয়াৱহতা । আজিও ন ন অঞ্চল প্লাৱিত কৰিছে । আনহাতে, মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙামাটি, মানেইঘাট, দাৰিয়াপাৰা, বৰ থেকেৰাবাৰি, সৰু থেকেৰাবাৰি, কেওট পাৰা আদি গাঁৱত আজি তিনি দিন ধৰি বিধংসী বানৰ কবলত পৰিছে । গাঁওসমূহৰ দুই সহস্ৰাধিক পৰিয়ালে ঘৰ বাৰি এৰি ৰঙামাটি কুৰুৱা সংযোগী মথাউৰিত আশ্ৰয় লৈছে । নিজেই টিন আৰু পলিথিনৰ চালি নিৰ্মাণ কৰি আশ্ৰয় গ্ৰহণ কৰিছে যদিও পোৱা নাই কোনো বান সাহায্য ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতো গা লৰা নাই প্ৰশাসনৰ । জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ভেঙুচালি কৰি বান সাহায্য নিদিয়াৰ অভিযোগ বানাক্ৰান্তৰ ।