অসম

assam

ETV Bharat / state

বাপুজীৰ আদৰ্শৰে সুন্দৰ অসম গঢ়াৰ সংকল্প মুখ্যমন্ত্ৰী সোণোৱালৰ - Sonowal attended sankalpa jatra news

দৰঙত বিজেপিৰ সংকল্প যাত্ৰা অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ অনুষ্ঠানত মুক্তি যুঁজাৰু,সাহিত্যক পেন্সনাৰ আৰু শিল্পী পেন্সনাৰ সকলক সম্বৰ্ধনা জনাই মুখ্যমন্ত্ৰী সোণোৱালে ৷

বাপুজীৰ আদৰ্শৰে সুন্দৰ অসম গঢ়াৰ সংকল্প মুখ্যমন্ত্ৰী সোণোৱালৰ

By

Published : Oct 15, 2019, 8:20 PM IST

Updated : Oct 16, 2019, 2:16 PM IST

দৰং,15 অক্টোবৰ :মঙলবাৰে দৰঙৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ছিপাঝাৰ একাডেমী খেলপথাৰত অনুষ্ঠিত হয় বিজেপিৰ সংকল্প যাত্ৰা ৷ ৰাজ্যৰ 14 টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ সংকল্প যাত্ৰাৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া,অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা,নলবাৰীৰ বিধায়ক অশোক শৰ্মাকে ধৰি দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে ৷

দৰঙত বিজেপিৰ সংকল্প যাত্ৰা

ইপিনে,অনুষ্ঠানত আগন্তুক দিনবোৰত অসমক গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এখন আদৰ্শবান ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ অনুষ্ঠানত মুক্তি যুঁজাৰু,সাহিত্যক পেন্সনাৰ আৰু শিল্পী পেন্সনাৰ সকলক সম্বৰ্ধনা জনাই মুখ্যমন্ত্ৰী সোণোৱালে ৷

Last Updated : Oct 16, 2019, 2:16 PM IST

ABOUT THE AUTHOR

...view details