অসম

assam

ETV Bharat / state

Chhath puja 2022: খাৰুপেটীয়াত ষঠ পূজাৰ ব্যাপক আয়োজন

সমগ্ৰ দেশতে বিশেষকৈ উত্তৰ ভাৰতত পালন কৰা হৈছে ষঠ পূজা । খাৰুপেটীয়াতো ভগৱান সূৰ্য দেৱতা ষঠী মৈয়াৰ পুজা আৰাধনাৰ ব্যাপক আয়োজন (Chhath puja significance) । ৩০ আৰু ৩১ অক্টোবৰত দুদিনীয়াকৈ নদীৰ ঘাটত আয়োজন হ'বলগীয়া ষঠ পূজাস্থলীত সীমাহীন ব্যষ্টতা ।

chhath puja organized in kharupetia
খাৰুপেটীয়াত ষঠ পূজাৰ ব্যাপক আয়োজন

By

Published : Oct 29, 2022, 2:13 PM IST

দলগাঁও,২৯ অক্টোবৰ:দুৰ্গোৎসৱ আৰু দিপাৱলীৰ অন্তত সমগ্ৰ দেশতে বিশেষকৈ উত্তৰ ভাৰতত পালন কৰা হৈছে ষঠ পূজা । সমগ্ৰ দেশৰ লগতে দৰং জিলাৰ খাৰুপেটিয়াতো হিন্দীভাষী লোক সকলে ষঠ পূজা উলহ মালহেৰে পালন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । ৩০ আৰু ৩১ অক্টোবৰত দুদিনীয়াকৈ নদীৰ ঘাটত আয়োজন হবলগীয়া ষঠ পূজাস্থলীত ভগৱান সূৰ্য দেৱতা ষঠী মৈয়াৰ লগতে আন আন দেৱ দেৱীৰ মূৰ্ত্তি প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা ধুমধামেৰে অনুষ্ঠিত কৰিবলৈ খাৰুপেটীয়া মেলা ঘাটত ব্যাপক প্ৰস্তুতি চলাইছে বৃহত্তৰ খাৰুপেটীয়া কেন্দ্ৰীয় ষঠ পুজা কমিটিয়ে ।

এই উপলক্ষে ভক্তৰ বাবে খাৰুপেটীয়া নদীৰ ঘাটত অস্থায়ী মন্দিৰ নিৰ্মাণ কৰি আলোক সজ্জাৰে সজ্জিত কৰি সুৰ্য দেৱতাৰ আৰাধনাৰ বাবে সাজু কৰি তোলা পৰিলক্ষিত হৈছে খাৰুপেটীয়া কেন্দ্ৰীয় ষট পুজা কমিটিয়ে । বিগত ৩০ বছৰ ধৰি খাৰুপেটীয়া মেলাঘাটত উদযাপিত ষট্ পূজা স্থলীত জাতি-ধৰ্ম নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ ৰাইজে অংশ গ্ৰহণ কৰি একতাৰ নিদৰ্শন ডাঙি ধৰিছে ।

Chhath puja 2022: খাৰুপেটীয়াত ষঠ পূজাৰ ব্যাপক আয়োজন

ষঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ(Chhath puja 2022) । ষঠ পূজা ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ । প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষঠ পূজা অনুষ্ঠিত কৰা হয় । উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ষঠ ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায়(Chhath puja date timing and puja significance)।

এইবাৰ ছট ২৮ অক্টোবৰৰ পৰা আৰম্ভ হৈ ৩১ অক্টোবৰত অন্ত পৰিব । ষঠ পূজাৰ দিনা সূৰ্য দেৱতা আৰু ষষ্ঠী মাতাৰ পূজা কৰা হয় । ইয়াৰ লগতে এই দিনটোত মহাদেৱৰো পূজা কৰা হয় । এই উৎসৱক সূৰ্য ষষ্ঠী নামেৰেও জনা যায় । শিশুসকলৰ বাবেও ষঠ পূজা পালন কৰা হয় । এই উ ৎসৱত ৩৬ ঘণ্টীয়া নিৰ্জলা ব্ৰত পালন কৰা হয় । নাহাই খায়ৰে আৰম্ভ হয় ষঠ পূজাৰ(Chhath Puja Nahaye Khaye)। এই দিনটোত উপবাসীয়ে নদীত স্নান কৰে, তাৰ পিছত মাত্ৰ এবিধ আহাৰহে খোৱা হয় । এইবাৰ নাহাই খায় ২৮ অক্টোবৰত ।

লগতে পঢ়ক:Viral photo of Nalbari civil hospital: চিকিৎসালয়ৰ জৰুৰীকালীন কক্ষত সুখনিদ্ৰা দুটা কুকুৰৰ

ABOUT THE AUTHOR

...view details