অসম

assam

ETV Bharat / state

খাৰুপেটীয়াতো উলহ মালহেৰে উদযাপন কৰা হয় ষট পূজা - সূৰ্য দেৱতা

দৰঙৰ খাৰুপেটীয়াতো উলহ মালহেৰে উদযাপন কৰা হয় ষট পূজা ৷ জিলা প্ৰশাসনে জাৰি কৰা নীতি নিয়মৰ মাজেৰে আৰম্ভ হয় ষট পূজা ৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে SDRF বাহিনীক সষ্টম কৰি ৰাখে পূজাস্থলীত ৷

As_Dalgaon_Chaat_Puja_img_10064
খাৰুপেটীয়াতো উলহ মালহেৰে উদযাপন কৰা হয় ষট পূজা

By

Published : Nov 20, 2020, 9:37 PM IST

দলগাঁও, ২০ নৱেম্বৰ: দেশৰ অন্যান্য প্ৰান্তৰ লগতে দৰঙৰ খাৰুপেটীয়াতো উলহ মালহেৰে উদযাপন কৰা হয় ষট পূজা ৷ সূৰ্য দেৱতাক আৰাধনা কৰাৰ উদ্দেশ্যে উদযাপন কৰা হয় ষট পূজা ৷ বিগত বছৰ সমূহত জাক জমকতাৰে ষট পূজা উদযাপন কৰা হৈছিল যদিও এইবছৰ ক'ভিড-19ৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰিছে ষট পূজাৰ ৷

খাৰুপেটীয়াতো উলহ মালহেৰে উদযাপন কৰা হয় ষট পূজা

ষট পূজা উপলক্ষে খাৰুপেটীয়াৰ অশোকাষ্টমী মেলা ঘাটত থকা বৃহত পুখুৰীটো ভক্তৰ বাবে সজাই পৰাই সকলো ধৰণৰ ব্যৱস্থা কৰাৰ লগতে নিৰ্মাণ কৰা হয় অস্থায়ী পূজা মণ্ডপ ৷ ক'ভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য জিলা প্ৰশাসনে জাৰি কৰা নীতি নিয়মৰ মাজেৰে আৰম্ভ হয় ষট পূজা। জিলা প্ৰশাসনে পূজাস্থলীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে SDRF বাহিনীক সষ্টম কৰি ৰাখে।

লগতে পঢ়ক:আঘোনৰ পথাৰত ব্যস্ত চিৰাঙৰ দাৱনী

ABOUT THE AUTHOR

...view details