দলগাঁও, 19 জুলাইঃ দৰং জিলাৰ অন্তৰ্গত দলগাঁৱত চৰকাৰী বান সাহাৰ্য বিতৰণত বৃহৎ দুৰ্নীতি হোৱাৰ অভিযোগ কৰিছে স্থানীয় বানাক্ৰান্ত লোকসকলে ৷ বানাক্ৰান্ত লোকসকলক যোগান ধৰা খাদ্য সামগ্ৰীসমুহ অতি নিম্ন মানদণ্ড হোৱাৰ উপৰিও অতি কম পৰিমাণে যোগান ধৰা বুলি অভিযোগ কৰে বানাক্ৰান্ত লোকসকলে ৷
দীৰ্ঘদিন ধৰি ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে দৰং জিলাৰ দলগাঁৱতো ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে বানত বানাক্ৰান্ত লোক সকলৰ ঘৰ-দুৱাৰ,কৃষি ভূমিৰ লগতে লাখ লাখ পশুধনৰ বিস্তৰ ক্ষতি সাধন হয় ৷ ইফালে চৰকাৰে বানাক্ৰান্ত লোকসকলক বানসাহাৰ্য যোগান ধৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰিছিল ৷ কিন্তু দৰঙৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তগৰ্ত বানবিধ্বস্ত অঞ্চলৰ বানাক্ৰান্ত লোকসকল বান সাহাৰ্যৰ পৰা বঞ্চিত হৈ খাদ্য আৰু বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে । তাৰোপৰি বিভিন্ন অঞ্চলত অতি কম পৰিমাণে,নিম্ন মানৰ পশু খাদ্য বিতৰণ কৰা হয় যদিও এই সামান্যতম পশু খাদ্যৰ পৰাও বঞ্চিত হৈছে বহু বানাক্ৰান্ত আৰু পশুপালকসকল । যাৰ বাবে পশু খাদ্য বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে বানাক্ৰান্ত লোকসকল ।