অসম

assam

ETV Bharat / state

ছিপাঝাৰত দুৰাৰোগ্য বেমাৰৰ চিকিৎসাত সৰ্বস্বান্ত এটা পৰিয়াল; সহায় ভিক্ষা - কেন্সাৰ বেমাৰ

ছিপাঝাৰত এজন ২১ বছৰীয়া যুৱকৰ কেন্সাৰ বেমাৰত সৰ্বস্বান্ত পৰিয়াল ৷ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এজন যুৱকৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা ৷ দুৰাৰোগ্য কেন্সাৰ বেমাৰৰ চিকিৎসাৰ বাবে সৰ্বস্বান্ত পৰিয়াল ৷ ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি জীৱন -মৃত্যুৰে যুজিছে যুৱকজনে ৷ যুৱকজনক চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজলৈ কাতৰ আহ্‌বান পৰিয়ালৰ ৷

ছিপাঝাৰত দুৰাৰোগ্য বেমাৰৰ চিকিৎসাত সৰ্বস্বান্ত এটা পৰিয়াল; সহায় ভিক্ষা

By

Published : Jun 19, 2019, 4:29 PM IST

দৰং,19জুনঃ ছিপাঝাৰৰ হাজৰিকাপাৰা গাঁওৰ এটা অসহায় পৰিয়াল ৷ ধনৰ অভাৱত কেন্সাৰ ৰোগত আক্ৰান্ত পুত্ৰ সঞ্জয় শইকীয়াক চিকিৎসা কৰিব নোৱাৰি বি বৰুৱা কেন্সাৰ হস্পিতালৰ পৰা ঘৰলৈ ঘুৰাই আনি জীৱন মৃত্যৰে যুজি থকা পুত্ৰৰ মুখলৈ চাই অসহনীয় মুহুৰ্ত পাৰ কৰিছে পিতৃ-মাতৃয়ে ৷ ৰাজহাড়ৰ কেন্সাৰ ৰোগত আক্ৰান্ত ২১ বছৰীয়া পুত্ৰক চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া চিকিৎসাৰ বাবে সহায় ভিক্ষা মাগিছে ৷ অটল অমৃতকে ধৰি চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা এই পৰিয়ালটিয়ে উপায়ন্তৰ হৈ চিকিৎসাৰ অভাৱত জীৱন-মৃত্যুৰে যুজি থকা পুত্ৰক চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰি জীৱন দান দিবলৈ চৰকাৰ তথা ৰাইজলৈ কাতৰ আহ্‌বান জনাইছে ৷ কোনো সুহৃদয়বান লোকে যুৱকজনক চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াব বিছাৰিলে 6001175829 নম্বৰত যোগাযোগ নতুবা অসম গ্ৰামীন বিকাশ বেংক বৰদৌলগুৰি শাখাত থকা 7058020002010 নম্বৰৰ একাউন্টত আৰ্থিক সাহায্য দিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে ৷

ছিপাঝাৰত দুৰাৰোগ্য বেমাৰৰ চিকিৎসাত সৰ্বস্বান্ত এটা পৰিয়াল; সহায় ভিক্ষা

ABOUT THE AUTHOR

...view details