ন্যায়িক যুঁজ চলি থকাৰ মাজতে উটৰ মৃত্যু - ন্যায়িক যুঁজ উটৰ
দৰঙৰ ধূলা আৰক্ষীয়ে জব্দ কৰা পাঁচটা উটৰ মাজৰে এটা উটৰ মৃত্যু ৷ উট কেইটাক লৈ আদালতৰ মজিয়াত ন্যায়িক যুঁজ চলি থকাৰ সময়তে মৃত্যু হয় এটা উটৰ ৷
![ন্যায়িক যুঁজ চলি থকাৰ মাজতে উটৰ মৃত্যু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4257735-thumbnail-3x2-camel---copy.jpg)
ন্যায়িক যুঁজ চলি থকাৰ মাজতে উটৰ মৃত্যু
দৰং, 27 আগষ্টঃ দৰঙৰ ধূলা আৰক্ষীয়ে 10 আগষ্টত জব্দ কৰা পাঁচটা উটৰ মাজৰে এটা উটৰ মঙলবাৰে মৃত্যু হয় ৷ উট কেইটাক লৈ আদালতৰ মজিয়াত ন্যায়িক যুঁজ চলি থকাৰ সময়তে মৃত্যু হয় উটটোৰ ৷ প্ৰাপ্ত তথ্য মতে,টাংনী সাপ্তাহিক বজাৰত ঈদ উপলক্ষে বিক্ৰীৰ বাবে হাৰিয়ানাৰ পৰা অনা 5 টা উট জব্দ কৰি ধূলা আৰক্ষীয়ে থানাত আবদ্ধ কৰি ৰাখিছিল। ঘটনাস্থলীত পশু চিকিৎসকৰ এটা দল উপস্থিত হৈ উটটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে ৷ উল্লেখ্য যে,খাদ্যাভ্যাস আৰু জলবায়ুৰ পৰিৱৰ্তনৰ বাবেই উটটোৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷
ন্যায়িক যুঁজ চলি থকাৰ মাজতে উটৰ মৃত্যু