মঙলদৈত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইন, 2019 বাতিলৰ দাবীত মঙলদৈত উত্তাল প্ৰতিবাদ ৷ মঙলদৈ জিলা পুথিভঁড়ালৰ পৰা আৰম্ভ কৰা হয় এই প্ৰতিবাদ ৷
মঙলদৈত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
মঙলদৈ, 8 ফেব্ৰুৱাৰী :শনিবাৰে মঙলদৈত নাগৰিকত্ব সংশোধনী আইন, 2019 বাতিলৰ দাবীত জোঁৰ সমদল । দৰং জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিয়ে যৌথ ভাবে সাব্যস্ত কৰে প্ৰতিবাদ । মঙলদৈ জিলা পুথিভঁড়ালৰ পৰা আৰম্ভ কৰা হয় এই প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব (সংশোধনী) আইন বিৰুদ্ধে বিভিন্ন শ্ল'গান কৰি অসম চৰকাৰ হায় হায়, CAA আমি নামানো, ধ্বনিৰে মঙলদৈ চহৰ উত্তাল কৰি তোলে ।