অসম

assam

By

Published : Dec 21, 2022, 5:03 PM IST

Updated : Dec 21, 2022, 11:02 PM IST

ETV Bharat / state

Assam Butter Beans export to London: দৰং জিলাৰ শাক পাচলি ৰপ্তানি হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ

ৰাজ্য বা বহিঃৰাজ্যতেই সীমাবদ্ধ নহয় দৰঙৰ খাৰুপেটীয়াৰ উৰহী । এইবাৰ টনে টনে উৰহী ৰপ্তানি হৈছে লণ্ডনৰ বজাৰলৈ ৷ খাৰুপেটীয়াৰ এচাম শিক্ষিত যুৱ খেতিয়কৰ প্ৰচেষ্টাত গঢ়ি উঠা সেউজমূখী এগ্ৰো প্ৰডিউচাৰ নামৰ এই ব্যক্তিগত প্ৰতিষ্ঠানটোৱে লণ্ডনলৈ ৰপ্তানি কৰিছে উৰহী (Assam Butter bean Beans export to London) ৷ ১০০ মেট্ৰিক টন উৰহী এইবেলি লণ্ডনলৈ ৰপ্তানি কৰাৰ পৰিকল্পনা প্ৰতিষ্ঠানটোৰ ।

Butter Beans export to London by help of Seujmukhi Agro producer company in Darrang
খাৰুপেটীয়াৰ উৰহী পঠিওৱা হৈছে লণ্ডনলৈ

খাৰুপেটীয়াৰ উৰহী পঠিওৱা হৈছে লণ্ডনলৈ

দলগাঁও, ২১ ডিচেম্বৰ: অসমৰ উৰ্বৰ মাটি আৰু নাতিশীতোষ্ণ জলবায়ু বিভিন্ন ধৰণৰ উদ্যন শস্যৰ বাবে অতিকৈ উপযোগী ৷ সেয়েহে অসমত বাৰ মাহে উৎপাদন হয় শস্য ৷ বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি, ফুল, শস্য, মছলাজাতীয় শস্যৰ খেতিৰ উৎপত্তিস্থল অসম বুলি কলেও ভুল নহ’ব ৷

এককথাত ক’বলৈ গ’লে অসম জৈৱ বৈচিত্ৰ্যৰ এক সুন্দৰ উদ্যান ৷ সেয়েহে অসমৰ পৰা বিভিন্ন শাক-পাচলি প্ৰতি বছৰেই ৰপ্তানি হয় বহিঃৰাজ্যলৈ ৷ কিন্তু অসমৰ পাচলি কেৱল বহিঃৰাজ্যতে সীমাবদ্ধ হৈ থকা নাই ৷ অসমৰ দৰং জিলাৰ খাৰুপেটীয়াৰ শাক-পাচলি ৰপ্তানি হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ (Assam Butter bean Beans export to London) ৷

মাত্ৰ ৰাজ্য বা বহিঃৰাজ্যতেই সীমাবদ্ধ নহয় খাৰুপেটীয়াৰ পাচলি, এইবাৰ উৰহীয়ে পুনৰ সমাদৰ লাভ কৰিছে লণ্ডনৰ বজাৰত (Indian Beans export International markets) । দৰঙৰ বিভিন্ন অঞ্চলৰ পাচলিৰ লগতে খাৰুপেটীয়াত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা উন্নত জাতৰ ফল-মূল আৰু শাক-পাচলিয়ে জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যতে সমাদৰ লাভ কৰাৰ সমান্তৰালকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে (Indian beans sale in London) ।

উল্লেখযোগ্য বিগত বৰ্ষবোৰত খাৰুপেটীয়াত উৎপাদিত বেঙেনা, উৰহী, নেমুটেঙা, জলকীয়া, মাকৈ আদিয়ে দখল কৰিছিল ডুবাই, লণ্ডন, নেপাল আদিৰ বজাৰ । সাত‌ সাগৰ তেৰ নদী পাৰহৈ আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ পিছত আকৌ এবাৰ খাৰুপেটীয়াৰ উৰহী পালেগৈ লণ্ডন ৷ এইবাৰ খাৰুপেটীয়াৰ এচাম শিক্ষিত যুৱ খেতিয়কৰ প্ৰচেষ্টাত গঢ়ি উঠা সেউজমূখী এগ্ৰো প্ৰডিউচাৰ (Seujmukhi Agro producer company limited) নামৰ এই ব্যক্তিগত প্ৰতিষ্ঠানটোৱে লণ্ডনলৈ ৰপ্তানি কৰিছে উৰহী ৷

সতেজ পাচলি ৰপ্তানি কৰা প্ৰতিষ্ঠান 'কিয়াগা' ৰ জৰিয়তে খাৰুপেটীয়াৰ পৰা গুৱাহাটীলৈ নিয়া হয় এই উৰহী । গুৱাহাটীৰ পৰা বিমানযোগে উন্নতজাতৰ এই উৰহী ৰপ্তানি কৰা হয় লণ্ডনলৈ ৷ উল্লেখযোগ্য যে যি সময়ত ৰাজ্যৰ খেতিয়কসকলে কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে খেতি কৰিও উচিত মূল্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ঠিক সেই সময়তেই দৰঙত সেউজমূখী এগ্ৰো প্ৰডিউচাৰ নামৰ প্ৰতিষ্ঠানটোৱে লোৱা পদক্ষেপ সচাকৈয়ে প্ৰশংসনীয় ৷

৪০ বিঘা মাটিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা প্ৰায় ১০০ মেট্ৰিক টন উৰহী এইবেলি লণ্ডনলৈ ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে প্ৰতিষ্ঠানটোৱে ৷ উন্নতমানৰ পাচলি বিদেশলৈ উচিত মূল্যত ৰপ্তানি কৰাৰ সুযোগ পাই যথেষ্ট উৎসাহিত যুৱ কৃষকসকল ৷

লগতে পঢ়ক:National Children Science Congress : পচতীয়া পাতৰ ব্যৱহাৰেৰে পোক নিয়ন্ত্ৰণৰ প্ৰকল্পৰে ৰাষ্ট্ৰীয় পৰ্যায়লৈ ধেমাজিৰ নীহাৰিকা

Last Updated : Dec 21, 2022, 11:02 PM IST

ABOUT THE AUTHOR

...view details