দলগাঁও, 24 আগষ্ট :গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰক আদানী গ্ৰুপক 50 বছৰৰ বাবে লীজত দি ব্যক্তিগতকৰণ কৰাৰ প্ৰতিবাদত সোমবাৰে দলগাঁৱত ব্যাপক প্ৰতিবাদ ৷ দৰং জিলাৰ দলগাঁৱৰ মাজেৰে পাৰ হৈ যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃৰ্তিদাহ কৰে ইত্তেহাদ ফ্ৰণ্টৰ দলগাঁৱ আঞ্চলিক সমিতিয়ে ৷
প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰ মূৰ্দাবাদ, নৰেন্দ্ৰ মোদী হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, আমাৰ দাবী ন্যায্য দাবী, উই ৱান্ট জাষ্টিছ, নৰেন্দ্ৰ মোদী মূৰ্দাবাদ, অসম চৰকাৰ হায় হয়, অসমৰ সম্পত্তি ব্যক্তিগতকৰণ কৰা নচলিব, ইত্তেহাদ ফ্ৰণ্ট জিন্দাবাদ আদি বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি তোলে ৰাজপথ ৷ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে তিনি দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে সংগঠনটোৱে ৷
এই কাৰ্যসূচীত সংগঠনটোৰ ৰাজ্যিক সভাপতি নুৰ ইছলাম উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে,কেন্দ্ৰীয় চৰকাৰে অসমৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে কিন্তু অসমৰ সম্পদৰ ওপৰত ঠিকেই চকু দিয়ে ৷