দৰং, 13 ফেব্ৰুৱাৰী: বিটিচিত গাঁৱে গাঁৱে কৃষি ভূমিত জলসিঞ্চন সুবিধা দিয়া হ’ব ৷ এই মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷ সোমবাৰে বিটিচিৰ মুদৈবড়ী পৰিষদীয় সমষ্টিৰ চাণ্ডোৱালপাৰা গাঁৱত নিৰ্মাণৰত জলসিঞ্চন আঁচনি পৰিদৰ্শন কৰে প্ৰমোদ বড়োৱে (BTR Chief Pramod Boro) ৷ SOPD আঁচনিৰ অধীনত 3 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই জলসিঞ্চন প্ৰকল্প (Irrigation project in BTC) ৷
প্ৰায় 250 হেক্টৰ কৃষি ভূমিত জলসিঞ্চনৰ সুবিধাৰ বাবে বিটিচিত ইতিমধ্যে 661 মিটাৰ নলা নিৰ্মাণ কৰা হৈছে ৷ প্ৰমোদ বড়োৱে প্ৰায় 2 কিলোমিটাৰ খোজকাঢ়ি পৰিদৰ্শন কৰে এই প্ৰকল্পটো ৷ প্ৰমোদ বড়োৰ লগত উপস্থিত থাকে জলসিঞ্চন বিভাগৰ ই এম দিগন্ত বৰুৱা আৰু টংলা জলসিঞ্চন বিভাগৰ কাৰ্যবাহী বিষয়া (Irrigation project by BTC govt) ৷
আঁচনি পৰিদৰ্শন কৰি প্ৰমোদ বড়োৱে সংবাদমাধ্যৰ আগত কৃষকসকলৰ সুবিধাৰ বাবে পৰ্যাপ্ত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ’ব বুলি সদৰী কৰে ৷ লগতে তেওঁ কয়, ‘‘SOPD আঁচনিৰ অধীনত প্ৰথমবাৰৰ বাবে কোকৰাঝাৰ জিলাৰ হল্টুগাঁৱত 7 কোটি, ওদালগুৰি জিলাৰ লক্ষীবান্ধত 8 কোটি আৰু চাণ্ডোৱালপাৰাত 3 কোটি দিয়া হৈছে (SOPD scheme) ৷’’