অসম

assam

By

Published : Dec 6, 2020, 5:46 PM IST

ETV Bharat / state

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু প্ৰশাসন

সম্প্ৰতি বিটিচি নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈছে ওদালগুৰি জিলা প্ৰশাসন ৷ জিলাখনৰ হৰিশিঙা ,ভৈৰৱকুণ্ড, পাচনৈ চেৰফাং, ধনশ্ৰী আৰু ৰৌতা সমষ্টিত হ'ব ভোট গ্ৰহণ ৷ মহকুমাটোৰ ৫ টা সমষ্টিত থাকিব ৪১২ টা ভোট গ্ৰহণ কেন্দ্ৰ ৷

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু প্ৰশাসন
বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু প্ৰশাসন

দৰং,6 ডিচেম্বৰঃবহু চৰ্চিত বিটিচিৰ নিৰ্বাচনৰ সোমবাৰে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হ’ব ৷ ওদালগুৰি জিলাৰ ১০ টা সমষ্টিত হ'ব ভোট গ্ৰহণ ৷ তাৰে ৫ টা সমষ্টিৰ নিৰ্বাচন পৰিচালনা কৰিব ভেৰগাঁও মহকুমা প্ৰশাসনে আৰু অন্য ৫ টা সমষ্টিৰ নিৰ্বাচন পৰিচালনা কৰিব ওদালগুৰি জিলা প্ৰশাসনে ৷ সম্প্ৰতি বিটিচি নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈছে ওদালগুৰি জিলা প্ৰশাসন ৷ জিলাখনৰ হৰিশিঙা ,ভৈৰৱকুণ্ড, পাচনৈ চেৰফাং, ধনশ্ৰী আৰু ৰৌতা সমষ্টিত হ'ব ভোট গ্ৰহণ ৷ মহকুমাটোৰ ৫ টা সমষ্টিত থাকিব ৪১২ টা ভোট গ্ৰহণ কেন্দ্ৰ ৷

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু প্ৰশাসন

ইয়াৰে ৮৬ টা স্পৰ্শকাতৰ আৰু ৫৭ টা অতি স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে । দুই হাজাৰৰো অধিক কৰ্মচাৰী নিয়োগ কৰা হৈছে সমগ্ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত ৷ ইপিনে দৰং জিলাৰ পৰা নিৰ্বাচন পৰিচালনা কৰিবলৈ ১৫০ জন কৰ্মচাৰীক ওদালগুৰিলৈ নিয়া হ’ব বুলি জানিব পৰা গৈছে ৷ তাৰ সমান্তৰাল ভাৱে চহৰ অঞ্চলৰ ১৮ টা ভোট গ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব মহিলা কৰ্মচাৰীয়ে । ৫ টা সমষ্টিৰ ৩,২৩,৭০৩ জন ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩২ জন প্ৰাৰ্থীৰ ৷ ইয়াৰে আটাই কেইটা সমষ্টিত প্ৰাৰ্থীত্ব দিছে বিজেপি, বিপিএফ, ইউ পি পি এলে । তাৰ সমান্তৰল ভাৱে ভোটদানৰ সময়ত ভোটাৰ সকলে মানিব লাগিব ক’ভিড প্ৰটকল ৷

লগতে পঢ়কঃ হাগ্ৰামাক জেললৈ পঠিয়ালে হিমন্তকো পঠাব লাগিব : আব্দুল খালেক

ABOUT THE AUTHOR

...view details