দলগাঁও, ২৯ জুনঃনিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বে ধাৰাষাৰ বৰষুণত খহি পৰিল দৰঙৰ খাৰুপেটীয়া-ভকতপাৰা সংযোগী দলং ৷ অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথৰ লগতে দলংখন নিৰ্মাণ কৰাৰ ফলত সম্পূৰ্ণ নহঁওতেই খহি পৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বিগত কেবাদিনে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত টাংনী নদীয়ে বিপদ মাতি আনিছিল খাৰুপেটীয়া-ভকতপাৰা সংযোগী পথৰ বাহাবাৰী গাঁৱত নিৰ্মাণ হৈ থকা দলংখনলৈ ৷ নিৰ্মাণৰ কেইদিনমান পাছতে দলংখনত ফাট মেলাৰ ফলত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে পুনিয়া-ঘেনামাৰী,ভোটপুখুৰী, নিজ বৰুৱাঝাৰ আদি গাঁৱৰ ৰাইজ ৷
নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বে খহিল পথ সংযোগী দলং - Corruption in highway Darrang
বিগত কেবাদিনে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত টাংনী নদীয়ে বিপদ মাতি আনিছিল খাৰুপেটীয়া-ভকতপাৰা সংযোগী পথৰ বাহাবাৰী গাঁৱত নিৰ্মাণ হৈ থকা দলংখনলৈ ৷
নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বে খহিল পকী দল সংযোগী পথ
লগতে পঢ়কঃ ৰাজ্যত বানৰ মৃত্যু 20 জনৰ: বানৰ কৱলত 22 খন জিলাৰ 2,086 খন গাঁও
উল্লেখ্য যে দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পৰাই অতি নিম্নমানৰ কাম হোৱা বুলি ৰাইজে ঠিকাদাৰক অৱগত কৰিছিল যদিও ঠিকাদাৰজনে নিজ খেয়াল-খুচিত দলঙৰ কাম অব্যাহত ৰখাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ সেয়ে এই ভঙা দলং সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত কৰি উক্ত কামত নিয়োজিত ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল'বলৈ প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে ।