দলগাঁও, 03 ছেপ্তেম্বৰ: দৰঙৰ এখন জৰাজীৰ্ণ দলঙে জীয়াতু ভোগাইছে দলগাওঁ,মঙলদৈ আৰু কলাইগাঁও সমষ্টিৰ হাজাৰ হাজাৰ লোকক । মৰাবেগা বিল,কুঁৱৰীপুখুৰী,পানবাৰী চাহ বাগিচা আদি গাঁৱৰ ৰাইজে যাতায়ত কৰা একমাত্ৰ দলংখন হৈ পৰিছে জৰাজীৰ্ণ ৷ নব্বৈ দশকতে নিৰ্মাণ কৰা দলং খনৰ দুৰৱস্থাৰ কথা তিনিওটা সমষ্টিৰ বিধায়কক অৱগত কৰিছে যদিও কোনো সুফল পোৱা নাই অঞ্চলবাসীয়ে ৷
দলগাঁৱত দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদত নামিল গাঁওবাসী - etv bharat
সোমবাৰে জৰাজীৰ্ণ দলং নিৰ্মাণৰ দাবীত মৰাবেগা গাঁৱৰ ৰাইজে সমষ্টিৰ বিধায়ক তথা চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে শীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই ভুক্তভোগী ৰাইজে ৷
![দলগাঁৱত দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদত নামিল গাঁওবাসী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4321150-thumbnail-3x2-dalgaon-broken-bridge.jpg)
দলগাঁৱত দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদত বহিল গঁঞা
দলগাঁৱত দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদত বহিল গঁঞা
সোমবাৰে জৰাজীৰ্ণ দলং খন নিৰ্মাণৰ দাবীত মৰাবেগা গাঁৱৰ ৰাইজে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সমষ্টিৰ বিধায়ক তথা চৰকাৰৰ বিৰুদ্ধে ৷ অতি শীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবীও জনাই ভুক্তভোগী ৰাইজে ৷ লগতে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক খইবৰ মণ্ডল, সাংগঠনিক সম্পাদক ছফিকুল ইছলাম, সংখ্যালঘু জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক মফিদুল ইছলামে ৷