অসম

assam

ETV Bharat / state

সমাজে এঘৰীয়া কৰা লোকক পূজালৈ মাতি বিপদত ব্ৰাহ্মণ পৰিয়াল

সমাজক লজ্জানত কৰা আন এক ঘটনা সংঘটিত হৈছে দৰঙত । ব্ৰাহ্মণ সমাজৰ আন এক কলংকিত অধ্যায় পোহৰলৈ আহিছে ছিপাঝাৰৰ এখন গাঁৱত (Racism in Brahmin society)। এঘৰীয়া কৰি থোৱা এজন লোকক পূজাৰ প্ৰসাদ খাবলৈ মাতি এতিয়া ব্ৰাহ্মণ সমাজৰ ৰোষত পৰিছে এটা পৰিয়াল । পৰিয়ালটোৰ ওপৰত বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছে সমাজে ।

Darrang
সমাজে এঘৰীয়া কৰা লোকক পূজালৈ মাতি বিপদত ব্ৰাহ্মণ পৰিয়াল

By

Published : Aug 23, 2022, 2:21 PM IST

দৰং,২৩ আগষ্ট :বৰ্তমান উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে ভাৰত তথা অসম । বিশ্বৰ উন্নত ৰাষ্ট্ৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে আমাৰ দেশ । কিন্তু এতিয়াও আমাৰ সমাজত বহু কু-সংস্কাৰ, অন্ধবিশ্বাস আৰু পুৰণিকলীয়া ৰীতি-নীতি আছে । শিক্ষাৰ ক্ষেত্ৰত উন্নয়ন হোৱা স্বত্বেও আজিৰ সমাজত চলি অহা কিছুমান নীতি-নিয়ম কিন্তু আজিও সলনি হোৱা নাই ।

সমাজে এঘৰীয়া কৰা লোকক পূজালৈ মাতি বিপদত ব্ৰাহ্মণ পৰিয়াল

ঠিক তেনেদৰে শেহতীয়াকৈ অসমত আৰম্ভ হৈছে ব্ৰাহ্মণ সমাজৰ কিছুমান ৰীতি-নীতিক লৈ বিতৰ্ক (Assam Brahmin controversy)। এনে বিতৰ্ক চলি থকাৰ মাজতে ব্ৰাহ্মণ সমাজৰ আন এক ঘটনাই লজ্জানত কৰিলে দৰঙৰ সচেতন ৰাইজক (Racism in Brahmin society)। সমাজে এঘৰীয়া কৰা লোকক ঘৰলৈ মাতি পূজাৰ প্ৰসাদ খুওৱাৰ বাবে বিপদত পৰিল এটা ব্ৰাহ্মণ পৰিয়াল । ব্ৰাহ্মণ সমাজে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে পৰিয়ালটোৰ ওপৰত ।

এই ঘটনা দৰং জিলাৰ ছিপাঝাৰৰ ব্যাসপাৰা অঞ্চলৰ ২ নং ঘোঁৰাশাল গাঁৱৰ । গাঁওখনৰ আনন্দিপাৰা চুবুৰীৰ দীনেশ শৰ্মা নামৰ ব্যক্তিজনে ঘৰতে পূজাৰ আয়োজন কৰিছিল । সেই পূজালৈ আন লোকৰ সৈতে বহু বছৰ পূৰ্বৰ পৰাই এঘৰীয়া কৰা লোক এজনো আহিছিল ।

সমাজে এঘৰীয়া কৰি থোৱা লোকজনে দীনেশ শৰ্মাৰ ঘৰত পূজাৰ প্ৰসাদো গ্ৰহণ কৰিছিল । পিছে সমাজে এঘৰীয়া কৰা লোকক মাতি পূজাৰ প্ৰসাদ খুওৱাটোৱে অপৰাধ হ'ল দীনেশ শৰ্মাৰ পৰিয়ালটোৰ । দীনেশ শৰ্মাৰ পৰিয়ালটোলৈ ব্ৰাহ্মণ সমাজে প্ৰেৰণ কৰা পত্ৰ অনুসৰি সমাজৰ নিয়ম ভংগ কৰাৰ বাবে আনন্দিপাৰা কালী মন্দিৰৰ অন্তৰ্গত পৰিয়ালসমূহৰ বাসগৃহত কোনো অনুষ্ঠানতে ভাগ ল'ব নোৱাৰিব দীনেশ শৰ্মাৰ পৰিয়ালে (Brahmin Samaj controversy at Darrang)৷

পৰিয়ালটোক দিয়া পত্ৰখনত সভাপতি গণেশ চন্দ্ৰ শৰ্মা আৰু সম্পাদক চিত্ৰ শৰ্মাৰ স্বাক্ষৰ সম্বলিত আছে ৷ ইফালে পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী দীনেশ শৰ্মা এবছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে পত্নীয়ে দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছে । কিন্তু উক্ত ঘটনাটোৰ পাছত ৰাইজে মহিলাগৰাকীক দিন হাজিৰাৰ বিচৰা নাই ৷ নিজ সমাজখনৰে এচাম লোকৰ আক্ৰোশ আৰু অমানবীয় সিদ্ধান্তৰ বলি হৈ এতিয়া মানসিকভাৱে ভাগি পৰিছে পৰিয়ালটো ।

লগতে পঢ়ক :সোণোৱাল কছাৰী অধ্যুষিত অঞ্চলত অনা অসমীয়া লোকৰ বাবে ভূমি ক্ৰয় বিক্ৰয় নিষিদ্ধ

ABOUT THE AUTHOR

...view details