অসম

assam

By

Published : Sep 29, 2020, 5:34 PM IST

ETV Bharat / state

বিজেপিয়ে শংকাত ভুগি বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰা নাইঃ বিপিএফ

প্ৰতিবাদকাৰীসকলে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদী সমদল কৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ জৰিয়তে অসম চৰকাৰৰ লগতে ৰাজ্যিক নিৰ্বাচন আয়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

bpf  protest at mongoldoi
বিজেপিয়ে শংকাত ভুগি বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰা নাইঃ বিপিএফ

দৰং, 29 ছেপ্তেম্বৰঃ দৰং জিলা বিপিএফৰ উদ্যোগত মঙলদৈত 15নং ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰতিবাদী সমদল কৰি অতি কম সময়ৰ ভিতৰতে বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আৰু অসম চৰকাৰক আহ্বান জনায় ।

ইপিনে প্ৰতিবাদকাৰীয়ে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদী সমদল কৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ জৰিয়তে অসম চৰকাৰৰ লগতে ৰাজ্যিক নিৰ্বাচন আয়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে । শতাধিক বিপিএফ কৰ্মকৰ্তাই বিটিচিত অতিশীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ৰাজ‍্যপালৰ শাসনৰ সময়সীমা বৃদ্ধি নকৰাৰ দাবী জনায় । ইফালে বিটিচিত বিজেপি দলে শংকাত ভুগি থকাৰ বাবেই নিৰ্দিষ্ট সময়ত নিৰ্বাচন অনুষ্ঠিত নকৰা বুলি অভিযোগ কৰে বিপিএফৰ দৰং জিলা সমিতিয়ে ।

বিজেপিয়ে শংকাত ভূগি বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰা নাইঃ বিপিএফ

লগতে পঢ়কঃবনৰীয়া হাতীৰ ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছে গোৱালপাৰাৰ কৃষকে

ABOUT THE AUTHOR

...view details