দৰং, 12 ছেপ্টেম্বৰ : বিটিচিত নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে । আকৰ্ষণীয় হৈ পৰিছে বিশেষকৈ বিপিএফ আৰু ইউ পি পি এল দলৰ সভা সমূহ । বৰ্তমানলৈকে বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও দল সমূহে বিটিচি ৰাইজক আকৃষ্ট কৰাৰ অভিযানত নামি পৰিছে ৷ দেখিবলৈ পোৱা গৈছে বিভিন্ন দলৰ প্ৰাৰ্থীৰ মাজত অভিযোগ-প্ৰতি অভিযোগৰ যুঁজ ৷
৩১ নং খৈৰাবাৰীত বিপিএফ দলৰ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠিত হৈছে । খৈৰাবাৰীত প্ৰাক্তন কাৰ্যবাহী সদস্য লুমশ্ৰাউ দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় জগদীশ চৰকাৰ আৰু কলাইগাঁৱৰ বিধায়ক মহেশ্বৰ বড়োৱে । সভাখনত বিপিএফৰ প্ৰাক্তন কাৰ্যবাহী সদস্যদ্বয় আক্ৰমণাত্মক হৈ পৰে প্ৰমোদ বড়োৰ বিৰুদ্ধে । প্ৰমোদ বড়োৱে বিটিচিত কমিচনৰাজ চলাই আছে, ইউ পি পি এল এবচুৰ দল, ইউ পি পি এল দলৰ নেতা সকলে দাদাগিৰীত চলিব বিচাৰে আদি অনেকটা অভিযোগ উৎথাপন কৰিছে লুমশ্ৰাউ দৈমাৰীয়ে ।