দৰং, 11 ছেপ্টেম্বৰ : বড়ো ভূমিৰ আকাশে বতাহে এতিয়া কেৱল বিটিচি নিৰ্বাচনৰ বতৰা ৷ বিপিএফ, ইউপিপিএলকে ধৰি সকলো দল ব্যস্ত হৈ পৰিছে ভোটাৰক আকৰ্ষিত কৰাত ৷ তাৰ মাজতে ওদালগুৰিত বিপিএফৰ সমৰ্থকক খেদি পঠালে ৰাইজে ৷ বিপিএফৰ হৈ ভোট বিচাৰি যাওতেই ৰাইজৰ খেদা খালে বড়ো ওমেন জাষ্টিচ ফ'ৰামৰ কাৰ্যকৰী সভানেত্ৰী ৰৈমালী মুচাহাৰীয়ে ।
সততে ৰাইজৰ আগত নিকা ভাৱমূৰ্তিৰ পৰিচয় দি অহা বড়ো ওমেন জাষ্টিচ ফৰামৰ কাৰ্যকৰী সভানেত্ৰী ৰৈমালী মুচাহাৰীয়ে বিপিএফ দলৰ হৈ ভোট খুজিবলৈ গৈ ৰাইজৰ হাতত পহু খেদা খালে ওদালগুৰি জিলাত । জিলা খনৰ ৩৫ নং মুদৈবড়ি সমষ্টিৰ অন্তৰ্গত ভকটপাৰা পুনীয়া গাঁৱত বৃহস্পতি বাৰে সাংগো পাংগো সহ সংগঠনৰ কেইবাগৰাকী নেত্ৰী উপস্থিত হৈছিল ৷ উদ্দেশ্য আগন্তুক বিটিচি নিৰ্বাচনত গাঁওবাসীয়ে পুনৰবাৰ বিপিএফ দলক ভোট দিব লাগে ৷