অসম

assam

ETV Bharat / state

আৰক্ষীৰে বাক যুদ্ধত লিপ্ত হ'ল বিপিএফ প্ৰাৰ্থী

বিটিচি পৰিষদৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়তে আৰক্ষীৰে বাক যুদ্ধত লিপ্ত হ'ল বিপিএফৰ প্ৰাৰ্থী জগদ্বীশ চৰকাৰ ৷ ভোট কেন্দ্ৰৰ মূল প্ৰবেশদ্বাৰৰ ভিতৰত প্ৰৱেশ কৰিব লওঁতেই আৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈ তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় ভোটগ্ৰহণ কেন্দ্ৰত ৷

By

Published : Dec 7, 2020, 2:20 PM IST

bpf-candidate-verbal-conflict-with-police
আৰক্ষীৰে বাক যুদ্ধত লিপ্ত হ'ল BPF প্ৰাৰ্থী

দৰং,7 নৱেম্বৰঃআজি বিটিচি পৰিষদৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়তে আৰক্ষীৰে বাক যুদ্ধত লিপ্ত হ'ল বিপিএফৰ প্ৰাৰ্থী জগদ্বীশ চৰকাৰ ৷ জানিব পৰা মতে, ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত বেলতলী (গেৰুৱা) ভোট কেন্দ্ৰৰ মূল প্ৰবেশদ্বাৰৰ ভিতৰত প্ৰৱেশ কৰিব লওঁতেই আৰক্ষীয়ে বাধা প্ৰদান কৰে বিপিএফৰ প্ৰাৰ্থী জগদীশ চৰকাৰক ৷

আৰক্ষীৰে বাক যুদ্ধত লিপ্ত হ'ল BPF প্ৰাৰ্থী

ইয়াকে লৈ আৰক্ষীৰে তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় ভোটগ্ৰহণ কেন্দ্ৰত ৷ অৱশ্যে পিছত বিপিএফৰ প্ৰাৰ্থীগৰাকীক ভোট কেন্দ্ৰৰ ভিতৰত সোমাবলৈ দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়কঃবিশ্বনাথত মাছমৰীয়াক আটক কৰাক লৈ সৰৱ জিলা প্ৰদেশ কংগ্ৰেছ

ABOUT THE AUTHOR

...view details